Breaking

চেঙাৰ কাছুমাৰা-কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত। খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা

0 1,233

নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী দক্ষিণ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰা-কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে। কাছুমাৰা-কাশিমপুৰ গাওঁৰ প্ৰায় তিনিশ পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা ভূমি জাহ গৈছে নদীৰ বুকুত। ইতিমধ্যে নদীত বিলীন হৈছে চৰকাৰী-বেচৰকাৰী বিদ্যালয়। দুই তিনিশ বছৰীয়া বসতি প্ৰধান গাওঁ খন বছৰে বছৰে খহাই গৃহহীন কৰিলে বহু পৰিয়াল। গৰাখহনীয়াৰ কবলত পৰি নিজৰ সপোনৰ ঘৰ দুৱাৰ ভাঙি নাৱেৰে লৈ যাবলগীয়া হয় নিৰাপদ স্থানলৈ। চৰকাৰ তথা স্থানীয় বিধায়িকৰ কোনো গুৰুত্ব নেদেখাত উপায়ান্তৰহৈ বৃহস্পতিবাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নদীৰ পাৰত কেইবা শতাধিক লোক একগোট হৈ নেদেখা জনৰ ওচৰত সমূহীয়াভাৱে মোনাজাত-প্ৰাৰ্থনা কৰিলে। গোৱালপাৰা জিলাৰ পৰা মুফতি আবুল হাসেমক মাতি আনি কৰিলে দোৱা প্ৰাৰ্থনা। নেদেখা জনৰ ওচৰত মুফতি আবুল হাসেমৰ লগতে কণ কণ শিশু, অঞ্চলবাসীয়ে কান্দি কান্দি কৰিলে প্ৰাৰ্থনা। নদীৰ পাৰত তিনিটা স্থানত ইটাৰ সৈতে কোৰাণৰ কালিমা লিখি নদীৰ গৰাত ইটা স্থাপন কৰি বান্ধি দিলে কেইবাটাও নীতি। গৰাখহনীয়াত সৰ্বস্বান্ত পৰিয়ালে নেদেখা জনক প্ৰাৰ্থনা জনোৱাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰকো ব্যৱস্থা গ্ৰহণৰ দাবী জনালে।

Leave A Reply