Breaking

প্ৰবীন কংগ্ৰেছ নেতা শশী থাৰুকৰ মন্তব্য : কংগ্ৰেছ দলত এজন পূৰ্ণ পৰ্যায়ৰ সভাপতিৰ প্ৰয়োজন

0 1,275

দৈনন্দিন বাৰ্তা ডেস্ক : কংগ্ৰেছ দলত এজন পূৰ্ণ পৰ্যায়ৰ সভাপতিৰ প্ৰয়োজন বুলি প্রাক্তন কেন্দ্রীয় মন্ত্রী আৰু প্ৰবীন কংগ্ৰেছ নেতা শশী থাৰুকে উল্লেখ কৰিছে৷ এক সাক্ষাৎকাৰত থাৰুকে কয় যে কট্টৰহীন আৰু অবিচল থকা কংগ্ৰেছৰ পূৰ্ণ ম্যাদী সভাপতি নিৰ্বাচনৰ বাবে প্ৰক্ৰিয়া ত্বৰান্বিত কৰা দৰকাৰ৷ তেওঁ কয় যে ছোনীয়া গান্ধী কংগ্ৰেছৰ অন্তর্বর্তীকালীন প্রধান হিচাপে এবছৰ পূৰ্ণ কৰাৰ দিন আহি আছে৷ ৰাহুল গান্ধীয়ে এই পদৰ পৰা পদত্যাগ কৰাৰ আগতে ২০১২ চনৰ ১০ আগষ্টৰ পৰা ছোনীয়া গান্ধীয়ে দলৰ প্ৰধান হিচাপে দায়িত্ব লৈ আছিল৷ ত্ৰিবান্দপুৰামৰ সাংসদজনে লগতে কয় যে ৰাহুল গান্ধীয়ে দলক নেতৃত্ব দিব পৰাকৈ সাহস, দক্ষতা আৰু প্ৰৱনতা আছে৷ কিন্তু তেওঁ সেয়া কৰিব বিচৰা নাই ৷ তাৰ বাবে নতুন প্ৰধান এজন নিৰ্বাচন কৰিব লাগে৷ থাৰুকে ৰাহুল গান্ধীক প্ৰশংসা কৰি কয় যে তেওঁ ক’ভিড-১৯ৰ মোকাবিলাত কেন্দ্ৰৰ সাম্প্ৰতিক পদক্ষেপ আৰু ব্যৰ্থতাৰ বাবে কেন্দ্ৰক দায়বদ্ধ কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য কাম কৰিছে৷ থাৰুকে দৃঢ়তাৰে কয় যে পুৰণি বৃহৎ দলটোত সুস্পষ্ট নেতৃত্ব থকা দৰকাৰ৷ তেওঁ লগতে দাবী কৰে যে ছোনীয়া গান্ধীয়ে দলৰ প্ৰধানৰ বোজা অনিৰ্দিষ্টকালৰ বাবে বহন কৰা আশা কৰা অন্যায় হ’ব৷ ‘মই নিশ্চিতভাৱে বিশ্বাস কৰো যে আমাৰ নেতৃত্ব আগুৱাই যোৱাৰ সম্পৰ্কে আমি পৰিষ্কাৰ হোৱা উচিত৷ আমি যোৱা বছৰ অন্তর্বর্তীকালীন সভাপতি হিচাপে ছোনীয়া গান্ধীক দায়িত্ব দিয়াত স্বাগত জনাইছিলো৷ মই বিশ্বাস কৰো যে তেওঁক অনির্দিষ্টকালৰ বাবে এই বোজা বহন কৰাৰ আশা কৰা তেওঁৰ বাবে অন্যায় হ’ব ৷

Leave A Reply