Breaking

দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

0 32

দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ বৰদলৈৰ দেহাৱসান।শনিবাৰে পুৱতিনিশা পৰলোকপ্ৰাপ্তি ঘটে সাংবাদিকগৰাকীৰ।

১৯৯৫ চনতেই সংবাদক্ষেত্ৰত খোজ দিয়া ভাস্কৰ জ্যোতি বৰদলৈ আছিল এজন জনপ্ৰিয় সাংবাদিক।

এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ দেৰগাঁৱৰ সাংবাদিক হিচাপে সংবাদ সেৱা আগবঢ়ায় আহিছিল ভাস্কৰজ্যোতি বৰদলৈয়ে। সমান্তৰালকৈ দেৰগাঁৱৰ পৰা কেইবাখনো বাতৰি কাকততো সেৱা আগবঢ়াইছিল বৰদলৈয়ে।

দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল বৰদলৈয়ে।বিগত কিছুদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি আহিছিল সাংবাদিকগৰাকী।

মৃত্যুৰ সময়ত বৰদলৈয়ে পিতৃ-মাতৃ, পত্নী আৰু দুই সন্তানক এৰি গৈছে। জেষ্ঠ্য সাংবাদিক জনৰ মৃত্যুৰ খবৰে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ দেৰগাঁৱত।

Leave A Reply