Breaking

কণ্ঠশিল্পী তনময় শইকীয়াৰ পচৰীয়াৰ নপাৰা ৰাইজে অনুষ্ঠিত কৰা সংগীতানুষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

0 15

কণ্ঠশিল্পী তনময় শইকীয়াৰ ফেচবুক পোষ্ট…

অসমীয়া বাপোতি সাহোন ৰঙালী বিহুটিক কিছুমান নিকৃষ্ট মানসিককতাৰ মানুহে নিশেষ কৰিবলৈ ওলাইছে।এইয়াই নেকি অসমীয়াৰ সাংস্কৃতিক জগতৰ প্ৰতি থকা দায়াবদ্ধতা ?বিহু অনুষ্ঠান সমূহত শিল্পীসকলৰ কোনো নিৰাপত্তা নাই নেকি? আপোনালোকৰ সন্মূখত যোৱা নিশা ঘটা এটি দূৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে জনাবলৈ ওলাইছো। আগতে এনেধৰণৰ অভিজ্ঞতাৰ সম্মুখীন হোৱা নাছিলোঁ বাবেই কথাবোৰ সহজভাৱে ল’ব পৰা নাই।বিহু উপলক্ষে যোৱা নিশা আমি পচৰীয়াৰ নপাৰা ৰাইজে অনুষ্ঠিত কৰা সংগীতানুষ্ঠানত গীত পৰিবেশন বাবে যাওঁ।আয়োজক কমিটীৰ বিষয়ববীয়া সকলে জনোৱা মতে আমাক ১১বজাত মঞ্চ এৰি দিয়াৰ কথা আছিল কিন্তু সেই সময় পাৰ হৈ ৰাতি ১‌ বাজিছিল।

তথাপি আমি একো আপত্তি নকৰিলো।মই একেৰাহে ১ বজাৰ পৰা ৩:৩০বজালৈ গীত পৰিবেশন কৰি থাকিলো, যদিও ম‌ই শাৰীৰিক ভাৱে অসুস্থ আছিলো তথাপিও কমিটীৰ সদস্য সকলে মোৰ সহযোগী শিল্পী গৰাকীক গীত পৰিৱেশন কৰিবলৈ সুযোগ দিয়া নাছিল। অনুষ্ঠান আৰম্ভ হোৱাৰ পৰা আয়োজক কমিটীৰ সদস্যসকলে মোক নিজৰ মতে গীত পৰিবেশন কৰিবলৈ সুবিধা দিয়া নাছিল, বিভিন্ন ধৰণৰ বেয়া কথাৰে মোক অপমানিত কৰিছিল। মই সকলোবোৰ সহ্য কৰি অনুষ্ঠান সামৰণি মাৰাৰ পিছত কমিটীৰ সদস্য সকলে মোক আৰু বহু সময় গীত পৰিৱেশন কৰিবলৈ জোৰ কৰিছিল। যিটো আমাৰ বাবে সম্ভৱ নাছিল।

তাৰে অজুহাতত কমিটীৰ সদস্যসকলে আমাৰ লগত কাজিয়াত লিপ্ত হ’বলৈ আগবাঢ়ি আহিল।উপায়ন্ত হৈ মই আৰু মোৰ সহশিল্পী গৰাকী তাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হʼলো যদিও মোৰ সহযোগী বাদ্যযন্ত্ৰী সকলৰ লগতে আমাৰ লগত যোৱা‌ আন ব্যক্তি সকলক তাতে এৰি আহিব লগা হʼল।কিন্তু দুখৰ বিষয়টো এই যে মোৰ বাদ্যযন্ত্ৰী কেইজনমানক আয়োজক কমিটীৰ সদস্য সকলে মিলি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে।গোটেই অঞ্চলতোৰ মানুহ সকলে সকলোবোৰ দৃশ্য নিমাত হৈ চাই থাকিল কিন্তু বাধা দিবলৈ কোনো এজন ব্যক্তিও আগবাঢ়ি নাহিল। মই আপোনালোকৰ আগত কথাখিনি অবগত কৰাৰ কাৰণ এটাই যে যিটো পৰিস্থিতিৰ সন্মুখীন আমি যোৱা নিশা হৈছিলো তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন ভৱিষ্যতে যাতে কোনো শিল্পীয়ে নহ‌ওঁক। শেষত সকলো শিল্পীলৈ এটাই অনুৰোধ যে পৰাপক্ষত এনেধৰণৰ ঠাইত অনুষ্ঠান কৰিবলৈ যোৱাৰ আগতে ভালদৰে বিচাৰ বিবেচনা কৰিহে যাব।

Leave A Reply