Breaking

Serum-এ নিৰ্ধাৰণ কৰিলে কোৰোণা ভেকচিনৰ মূল্য, ৰাজ্য চৰকাৰৰ লগতে ব্যক্তিখণ্ডৰ হাস্পতালৰ বাবে দাম কিমান হ’ব ?

0 2,029

ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কাৰণে ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰিলে Serum Institute-এ ।  এতিয়াৰ পৰা Serum Instituteৰ Covishield ভেকচিন ৰাজ্য চৰকাৰৰ কাৰণে উপলব্ধ হ’ব ৪০০টকাত (INR 400)ত। ৰাজ্য চৰকাৰ সমূহে এপালি ভেকচিন ৪০০টকাত ক্ৰয় কৰিব লাগিব । আনহাতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে এই ভেকচিন ক্ৰয় কৰিব পাৰিব ৬০০টকাত (INR 600) ।

নতুন নিয়ম অনুসৰি, ভেকচিন উৎপাদন কৰা প্ৰতিষ্ঠান সমূহে ৫০শতাংশ ভেকচিন কেন্দ্ৰীয় চৰকাৰক যোগান ধৰিব লাগিব । কেন্দ্ৰীয় চৰকাৰৰ ৪৫বছৰৰ উৰ্ধ্বৰ লোকক বিনামূলীয়া ভেকচিন প্রদান আঁচনি ৰূপায়ন উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । বাকী ৫০শতাংশ তেওঁলোকে পূৰ্বে নিৰ্ধাৰিত মূল্যত প্ৰত্যক্ষভাবে ৰাজ্য চৰকাৰ সমূহক আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহক বিক্ৰী কৰিব পাৰিব ।

আজি প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা জনাই ভেকচিন নিৰ্মাণ কোম্পানী Serum Institute India-ই। বিদেশী ভেকচিনৰ মূল্যতকৈ Serumৰ ভেকচিনৰ মূল্য কম বুলিও দাবী কৰে প্ৰতিষ্ঠানটোৱে ।  ৪-৫ মাহৰ পিছত ভেকচিন খুচুৰা বজাৰত উপলব্ধ হ’ব বুলিও জানিবলৈ দিছে SIIএ ।

Leave A Reply