Breaking

নলবাৰী জিলাৰ দহকাউনীয়া গাঁৱত ‘জেৰাণ্ড ব্ৰিকচ’ ৰ দ্বিতীয়টো উদ্যোগ স্থাপন…

0 12

অসম চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত অসম ষ্টাৰ্টআপৰ মানচিত্ৰত দিশ নিৰ্ণয়ক ভূমিকা লোৱা ‘ Zerund Manufacturing Private Limited ‘ এ অসমৰ লগতে মুম্বাইৰ ব্যৱসায়িক সফলতাৰে পাঁচটা বৰ্ষ অতিক্ৰম কৰিছে। চাকৰি পাইও চাকৰি নকৰি ব্যৱসায়কে জীৱনৰ মূলমন্ত্ৰ হিচাপে লোৱা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনিগৰাকী স্নাতক ক্ৰমে ৰূপম চৌধুৰী, ডেভিদ প্ৰতীম গগৈ, মৌচুম তালুকদাৰে বিগত পাঁচ বছৰত বহুতো ঘাত- প্ৰতিঘাত, বাধা-বিঘিনি নেওঁচি ‘জেৰাণ্ড ব্ৰিকচ ‘ ৰ উদ্ভাৱন আৰু ব্যৱসায়েৰে সাফল্যৰ শিখৰত আৰোহন কৰিবলৈ সক্ষম হৈছে। পৰিৱেশ দূষিত কৰা উদ্যোগিক আবৰ্জনা আৰু প্লাষ্টিক আবৰ্জনাৰে ইটা নিৰ্মাণ কৰি এই প্ৰতিষ্ঠানটোৱে বিগত বৰ্ষত পৰিৱেশ বিষয়ক বহুকেইটা স্বীকৃতি পাবলে সক্ষম হৈছে।

বহনক্ষম উন্নয়ন ( Sustainable Development) কে মূলমন্ত্ৰ হিচাপে লোৱা এই প্ৰতিষ্ঠানটোৱে নিৰ্মান কৰা ইটাটোৱে( Trade Mark Name Zerund Brick ) এটা উচ্চস্তৰীয় সমীক্ষা মতে ‘Carbon Negative Tag’ লাভ কৰিবলৈ সক্ষম হৈছে।প্ৰতিষ্ঠানটোৱে নিৰ্মান কৰা সামগ্ৰীয়ে Green Pro, Griha, Assam PWD ৰ নিচিনা সন্মানজনক স্বীকৃতি লাভ কৰাৰ লগতে ভাৰত চৰকাৰে আয়োজন কৰা ডুবাই Expo, India Energy Week আদি সন্মিলনটো ৰাইজৰ ভূয়সী প্ৰসংশা বুতলিবলৈ সক্ষম হৈছে | প্ৰতিষ্ঠানটোৱে নিৰ্মান কৰা ইটাই ইতিমধ্যে অসমৰ লগতে মেঘালয়, অৰুণাচল, মণিপুৰ, ভূটান, উত্তৰবংগ আৰু মুম্বাইৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ গৌৰৱময় ষষ্ঠতম বৰ্ষত ভৰি দিয়াৰ প্ৰাকক্ষণত তেওঁলোকৰ অসমৰ দ্বিতীয়তো Manufacturing Unit নলবাৰী জিলাৰ নমাতি মৌজাৰ অন্তৰ্গত দহকাউনীয়া গাওঁত স্থাপন কৰিবলৈ ওলাইছে। তাৰ বাবে তেওঁলোকে ইতিমধ্যে উক্ত গাওঁত পোন্ধৰ বিঘা মাটি ক্ৰয় কৰি উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় চৰকাৰী যাৱতীয় সকলো নথি পত্ৰৰ কাম ইতিমধ্যে সমাপ্ত কৰিছে। প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই জনোৱা মতে নলবাৰী জিলাত স্হাপন হবলগীয়া এই উদ্যোগটোৱে ২৫০ ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্ম সংস্হাপনৰ সৃষ্টি কৰিবলৈ সক্ষম হব আৰু লগতে উদ্যোগটো সম্পূৰ্ণভাৱে এক প্ৰদূষণমুক্ত উদ্যোগ হব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে । উদ্যোগটো স্হাপন হোৱাৰ পিছত এই অঞ্চলটোৰ শিক্ষিত নিৱনুৱাখিনিৰ লগতে অঞ্চলটোত কৰ্মৰত মাছ – মাংস , শাক – পাচলি বিক্ৰেতা , ৰেচন বিক্ৰেতা , ৰেষ্টুৰেণ্ট ব্যৱসায়ী , দৈনন্দিন ব্যৱহাৰ্য্ সামগ্ৰী বিক্ৰেটা , ব্যয়বস্তু কঢ়িওৱা যান-বাহন চালক, চিলিণ্ডাৰ বিক্ৰেতা আদি শ্ৰেণীসমূহো আৰ্থিকভাৱে বহুখিনি লাভান্বিত হব ।

এই উদ্যোগটো স্হাপন হোৱাৰ লগে লগে দহকাউনীয়া গাওঁৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহো বিভিন্ন ধৰণে আৰ্থিকভাৱে উপকৃত হব আৰু ই দহকাউনীয়া গাওঁখনক অসমৰ অৰ্থনৈতিক মানচিত্ৰত এক সবল স্হিতি প্ৰদান কৰি গাওঁখনৰ গুৰুত্ব বঢ়াই তুলিব । ইয়াকে লৈ গোটেই অঞ্চলৰ ৰাইজৰ মাজত বিশেষকৈ নিৱনুৱাখিনিৰ মাজত এক আশাৰ সঞ্চাৰ সৃষ্টি হৈছে। ‘ Zerund Manufacturing ‘ ৰ এই উদ্যোগটি স্হাপন কৰাৰ বাবে অসম চৰকাৰৰ ভেনচাৰ কেপিটেল লিমিটেড আৰু নুমলিগড় ৰিফাইনাৰী লিমিটেডে এই প্ৰতিষ্ঠানটোৰ অংশিদাৰিত্ব ক্ৰয় কৰিছে। সেইসূত্ৰে অলপতে শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত অসম চৰকাৰৰ হৈ মাননীয় মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ হাতত ‘ TERM SHEET ‘ অৰ্পন কৰে। বহিৰাগত বনিয়াৰ ধামখুমীয়াৰ মাজতে তিনিজন থলুৱা অসমীয়াই লোৱা এই অহোপুৰুষাৰ্থ প্ৰচেষ্টাক অসমৰ সকলো ৰাইজে শলাগিছে।

Leave A Reply