Breaking

শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লাইখুঁটা স্থাপন…

0 37

বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ ব্যক্তিগত খণ্ডৰ এক অগ্ৰগনি শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন ফিল’বাৰী। ফিল’বাৰী অঞ্চলৰ কেইজনমান সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত ১৯৯৯ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা লাভ কৰিছিল শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীয়ে। এই বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া নিকেতনখনে অহা ৯ আৰু ১০ জানুৱাৰী তাৰিখে উদযাপন কৰিব ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। আজি মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কাৰ্যসূচীত বন্তী প্ৰজ্বলন কৰে ৰবৰগুৰী নামঘৰৰ মেধি অমৰ শইকীয়াই আৰু লাইখুটা স্থাপন কৰে কোঁ‌ৱামৰা শাখা সত্ৰৰ সত্ৰাধিকাৰ ঔমদেৱ গোস্বামীদেৱে।

ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত সমুহ ফিল’বাৰীবাসী ৰাইজ, অভিভাৱক, অভিভাৱিকা, নিকেতনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগীতা কামনা কৰিছে উদযাপন সমিতিৰ লগতে নিকেতনৰ পৰিয়ালবৰ্গই।

Leave A Reply