Breaking

ডিগবৈ সমষ্টিত কংগ্ৰেছ পৰা সাত গৰাকীয়ে বিচাৰিছে দলীয় টিকট, তেওঁলোক কোন কোন…

0 21

দেশৰ নিৰ্বাচন আয়োগে যোৱা ২৬ তাৰিখে ঘোষণা কৰা অনুসৰি অসমত ২১ ৰ বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২৭ মাৰ্চত অনুষ্টিত হব ৷ সেই অনুসৰি প্ৰতিটো ৰাজনৈতিক দলে অহা ৯ মাৰ্চৰ ভিতৰত প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব ৷ তাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে প্ৰতিটো দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ উঠি পৰি লাগিছে ৷

পথম পৰ্যায়ত অনুষ্টিত হবলগা আন আন সমষ্টিৰ লগতে তিনিচুকীয়া জিলাৰ ১২৩ নং ডিগবৈ সমষ্টিও অন্তভূক্ত ৷ ডিগবৈ সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছ দলৰ হৈ সাত গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে টিকটৰ বাবে আবেদন কৰিছে ৷

সেই তালিকাত আছে  অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় গৌতম ধানোৱাৰ, (ডিগবৈ) মৌচম বৰুৱা, (মাকুম) হাপজান ব্লক কংগ্ৰেছৰ সভাপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠনেতা ভাস্কৰ জীৱন বৰুৱা, (ডিগবৈ) তিনিচুকীয়া জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী গীতাঞ্জলি সোনোৱাল, (ৰামনগৰ) তিনিচুকীয়া জিলা কংগ্ৰেছৰ সম্পাদক ৰত্নেশ্বৰ গোহাঁই, (বাৰেকুৰী) তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি শিৱনাথ চেতিয়া, (তিনিচুকীয়া) ৮ নং গোলাই জিলা পৰিষদৰ প্ৰাক্তণ সদস্য অশোক শৰ্মা (ডিগবৈ) ৷

উল্লেখ যে আগন্তোক নিৰ্বাচনৰ বাবে ডিগবৈ সমষ্টিৰ পৰা আবেদন কৰা এই সাত গৰাকী কংগ্ৰেছ দলৰ নেতাৰ পৰা যি কোনো এজনে দলীয় টিকট লাভ কৰিবলৈ সক্ষম হব ৷ বৰ্তমান প্ৰাৰ্থীত্ব সম্ভাৱনা শীৰ্ষত আছে ২০১৬ চনত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰা গৌতম ধানোৱাৰ লগতে জ্যেষ্ঠনেতা ভাস্কৰ জীৱন বৰুৱা, মহিলা নেত্ৰী গীতাঞ্জলি সোনোৱাল আৰু যুৱনেতা মৌচম বৰুৱা ৷

উল্লেখ যে বিগত ৩৭ বছৰে কংগ্ৰেছ দলে শাসন কৰা পিছত ২০১৬ চনত ডিগবৈ সমষ্টিত দলটো পৰাজিত হৈছিল ৷ শেহতীয়াকৈ সমষ্টিতটো পুনৰ উদ্ধাৰ কৰিবলৈ দলটোৱে যেনেদৰে দলীয় কাম কাজ সমূহ কৰিব লাগিছিল সেই ধৰণে গঢ়ি তুলিব পৰা নাই ৷ ইয়াৰ উপৰিও সমষ্টিটোত চাহ বাগিছা ভোট সমূহ দুভাগ হোৱাত কংগ্ৰেছ দল দুৰ্বল হৈ পৰা দেখা গৈছে ৷ এতিয়া সময়হে কব ডিগবৈ সমষ্টিৰ দলটোৱে পুনৰ উদ্ধাৰ কৰিব পাৰিব নে নাই ৷ অৱশ্যে নিৰ্বাচনৰ বাবে দলটোৱে সমষ্টিত বিভিন্ন সভা সমিতি অনুষ্টিত কৰিছে ৷

বৰ্তমান বিজেপি বিধায়ক গৰাকীৰ বাসগৃহ নিচেই কাষতে ইতিমধ্যে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত অনুষ্টিত সভাৰ জড়িয়তে ডিগবৈ সমষ্টিত বৰ্তমানেও যে কংগ্ৰেছ দলৰ ককাল ভঙা নাই তাকে প্ৰমান কৰি দিছে ৷

আগন্তুক নিৰ্বাচনত যদিহে বিশেষ কিবা পৰিৱৰ্তন নহয় তেন্তে সমষ্টিটোত শাসনাধিস্থ বিজেপি আৰু কংগ্ৰেছ দলৰ মাজতে মুল যুঁজখন হৈ উঠিব ৷ যদি কোনো প্ৰাৰ্থীয়ে দল সলনি কৰে তেন্তে তিনিকোনিয়া প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে ডিগবৈ সমষ্টিত ৷

Leave A Reply