Breaking

কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃৰ তিলনি নোহোৱা পৰ্যন্ত কেবাখনো বিহুৰ সংগীতানুষ্ঠান বাতিল ! বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ…

0 43

অসমৰ সংগীত জগতৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ লাৱন্য গগৈৰ কালি নিশা বিয়োগ ঘটে। জানিব পৰা মতে যোৱা কালি হঠাৎ উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাত ১০৮ সেৱা যোগে পৰিয়ালৰ লোকে ডিব্ৰুগড়লৈ চিকিৎসা কৰিবলৈ যায় যদিও স্বাস্থ্যৰ অধিক অৱনতি হোৱাত চিকিৎসালয়তে মৃত্যু হয় কণ্ঠশিল্পী গৰাকীৰ মাতৃৰ। ৬২ বছৰীয়া মাতৃৰ মৃত্যুত মৰ্মাহত কণ্ঠশিল্পী মৌচম গগৈ। ঘৰখনৰ জেষ্ঠ পুত্ৰ হোৱাৰ বাবে পুৱাই  সমাজৰ পৰম্পৰাগত ৰীতি-নীতিৰ মাজতেই মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি মুখা অগ্নিৰে চিলাপথাৰৰ জনকীয়াসুতিস্হিত বাসগৃহত শেষকৃত্য সম্পন্ন কৰা হয়।

উল্লেখ্য যে মাতৃৰ আকস্মিক বিয়োগৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত কণ্ঠশিল্পী গৰাকীয়ে বিহু মঞ্চত সংগীত পৰিৱেশন কৰাৰ কথা আছিল। যদিও সকলোবোৰ কাৰ্যসূচী বাতিল কৰিছে শিল্পী গৰাকীয়ে। মৃত্যুৰ পিছত তিনি দিন অৰ্থাৎ তিলনি পৰ্যন্ত সংগীতানুষ্ঠান উপস্থিত থাকিব নোৱাৰাৰ বাবে বিহু সমিতিৰ লগতে ৰাইজৰ ওচৰত ক্ষমা খুজিছে জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈয়ে। কণ্ঠশিল্পী গৰাকীৰ মাতৃ তথা চিলা জনজাতি এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ললিত গগৈৰ পত্নীৰ বিয়োগত সমূগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ উপৰিও মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, তাই আহোম ছাত্ৰ সন্থাৰ উপদেষ্টা দুলাল বৰুৱা, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ

সভাপতি সঞ্জীৱ দাস, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ, ধেমাজি জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সম্পাদক ভদ্ৰ দাস, চুতীয়া ছাত্ৰ সন্থাৰ তিম চুতীয়া, এজেৱাইচিপিৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মা, টিএমপিকেৰ সভাপতি তিলক দলে,নাথ যোগী ছাত্ৰ সন্থাৰ সুজিৎ নাথ, ছাত্ৰ মুক্তিৰ ৰুদ্ৰ ভূঞা, এজেৱাইপিৰ সঞ্জীৱ চেতিয়া, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ চন্দন কছাৰী, চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী লাৱন্য পাইত দলে, ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান সাৰথিৰ মনোজ কুমাৰ দাস, চিলাপথাৰ প্ৰেছ ক্লাব, চিচিবৰগাও প্ৰেছ ক্লাব কেধৰি বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাই চিৰ শান্তিৰ পাব নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায়। উল্লেখ্য যে তিনি পুত্ৰ আৰু কন্যাক ইহসংসাৰত এৰি থৈ পৰলোক গমন কৰে লাৱন্য গগৈয়ে।

Leave A Reply