Breaking

দুৰ্গা পূজা উপলক্ষে হোজাইত মৰ্কজুল মা’আৰিফৰ উদ্যোগত চিলাই মেচিন আৰু ১২০ গৰাকী মহিলাক বস্ত্ৰ বিতৰণ ৷

0 2,034

আজমল চি এছ আৰৰ দ্বাৰা পৰিচালিত স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফৰ উদ্যোগত হোজাইৰ কৃষ্ণ নগৰত চিলাই মেচিন আৰু বস্ত্ৰ বিতৰণ কাৰ্যসূচী উপলক্ষে আজি দুপৰীয়া এখন সভাৰ আয়োজন কৰা হয় ৷ শিক্ষাবিদ প্ৰমোদ ৰঞ্জন দাসে আঁত ধৰা সভাখনত অসহায় দৰিদ্ৰ বিধবা মহিলা পাঁচ গৰাকীক একোটাকৈ চিলাই মেচিন বিতৰণ কৰাৰ লগতে শাৰদীয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি কৃষ্ণ নগৰ আৰু বেলতলাত ১২০ গৰাকী দৰিদ্ৰ মহিলাক কাপোৰ বিতৰণ কৰা হয় ৷ এই উপলক্ষে হোজাই দেশবন্ধু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰমোদ ৰঞ্জন দাসৰ লগতে স্থানীয় ব্যক্তি সকলে মৰ্কজক ধন্যবাদ জ্ঞাপন কৰে ৷ অনুষ্ঠানত মৰ্কজৰ কাৰ্যকৰী সভাপতি ড৹ চামচুল হক চৌধুৰী আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি দৰিদ্ৰ অসহায় মহিলাসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আজি পাঁচটাকৈ চিলাই মেচিন আৰু ১২০ গৰাকী দৰিদ্ৰ মহিলাৰ মাজত কাপোৰ বিতৰণ কৰাৰ কথা ব্যক্ত কৰি কয়–কৰোনা মহামাৰীয়ে জুৰুলা কৰি যোৱা এই সময়ছোৱাত দৰিদ্ৰ মহিলাসকলে পুজা উপলক্ষে একোখনকৈ শাৰী লাভ কৰি কিছু হ’লেও সকাহ পাব বুলি মন্তব্য কৰে ৷ শাৰী আৰু চিলাই মেচিন লাভ কৰা মহিলাসকলে বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমলৰ লগতে মৰ্কজুল মা’আৰিফৰ শলাগ লয় ৷ ইফালে হোজাইৰ বেলতলাত সমাজকৰ্মী প্ৰভাত কয়েলৰ সভাপতিত্বত মৰ্কজৰ উদ্যোগত  আন এখন বস্ত্ৰ বিতৰণী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত প্ৰভাত কয়েল, মৰ্কজৰ কাৰ্যকৰী সভাপতি চামচুল হক চৌধুৰী, সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে বক্তব্য প্ৰদান কৰে ৷ সভাত মৰ্কজৰ ডিপুটি মেনেজাৰ জামাল উদ্দিনৰ লগতে স্থানীয় ক্লাৱ আৰু দুৰ্গাপূজা কমিটিৰ সদস্যসকল উপস্থিত থাকি মৰ্কজৰ কাপোৰ বিতৰণি অনুষ্ঠানত সহযোগ কৰে ৷

Leave A Reply