Breaking

পুৰুষ আৰু নাৰীৰ যৌন দুৰ্বলতাৰ কাৰণ আৰু নিৰাময়ৰ উপায়…

0 44

‘যৌন শক্তি’ হৈছে জীৱনৰ অতি গুৰুত্বপূৰ্ণ আৰু পৰম আকাংক্ষিত এক মহামূল্য সম্পদ। মানৱ জীৱনৰ সকলো আনন্দ এই যৌন ক্ষমতাৰ সন্তুষ্টিৰ পৰাই আৰম্ভ হৈছে। সুস্থ জীৱন-যাপনৰ কাৰণে সফল যৌন সন্তুষ্টিৰ প্ৰয়োজন আছে। যৌন অসন্তুষ্টি বিভিন্ন ৰোগ ব্যাধিৰ কাৰক হ’ব পাৰে। মানসিক অৱসাদ, হতাশা, অযথা ভয়, অযথা শংকা আৰু সংশয়, সন্দেহ আৰু মানসিক ব্যাধি বিলাকৰ মূল কাৰণ হৈছে এই যৌন অসন্তুষ্টি। অসন্তুষ্ট যৌন জীৱন কটোৱা ব্যক্তিৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনো সুস্থ নহয় আৰু আচাৰ-আচৰণো অস্বাভাৱিক হোৱাৰ সম্ভাৱনা থাকে। এখন সুস্থ সমাজৰ বাবে এনেধৰণৰ অসুস্থ আৰু অস্বাভাৱিক আচৰণৰ ব্যক্তি অবাঞ্চিত বোজা স্বৰূপ হ’ব পাৰে। কিন্তু অতি দুখৰ বিষয় এয়ে যে আমাৰ সমাজৰ শতকৰা ১২ৰ পৰা ১৫ জন লোকৰ মাজত তীব্ৰ যৌন দুৰ্বলতা থাকে বহুতে লাজত বা সামাজিক কাৰণত লঘু-লাঞ্চিত হোৱাৰ আশংকাত নিজৰ যৌন দুৰ্বলতা লুকুৱাই ৰাখি কাৰো লগতে সমস্যাবোৰ আলোচনা নকৰাকৈ থাকে। বহুতো দম্পতীয়ে যৌন অক্ষমতাৰ ফলত প্ৰচণ্ড মানসিক অন্তদ্বৰ্ন্দ্বত ভূগি সমগ্ৰ জীৱনটো নীৰৱে পাৰ কৰি দিয়ে। অথচ ওচৰৰ ডাক্তৰৰ ওচৰলৈ গৈ সমস্যাটো আলোচনা কৰি পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তাও অনুভৱ নকৰে। আজিকালি পুৰুষ আৰু নাৰী উভয়ৰে যৌন দুৰ্বলতা নিৰাময়ৰ বাবে বিভিন্ন চিকিৎসা পদ্ধতি আৰু উৎকৃষ্ট ঔষধ আদি উদ্ভাৱন হৈছে। লজ্জা পৰিহাৰ কৰি নিজস্ব সমস্যাবিলাক মুকলিকৈ চিকিৎসকৰ লগত আলোচনা কৰিলে এনেধৰণৰ যৌন দুৰ্বলতা বা যৌন অক্ষমতাৰ সমাধান সূত্ৰ নিশ্চয় ওলাব আৰু অসন্তুষ্ট দম্পতিৰ মানসিক অশান্তি নিশ্চয় দূৰ হ’ব।

পুৰুষৰ যৌন দুৰ্বলতাৰ কাৰণ:
দেখাত সুস্থ-সবল আৰু যৌৱনপুষ্ট বয়সৰ এনে বহু লোক আছে যিসকলৰ নাৰীৰ নিৰাপদ সান্নিধ্যত থাকিলেও কোনোধৰণৰ কামোত্তেজনা নাহে, বা উত্তেজনা আহিলেও সেয়া তেনেই ক্ষন্তেকীয়া। সম্ভোগৰ সময়ত প্ৰয়োজনীয় উত্তেজনা অন্তনিৰ্হিত হোৱাৰ ফলত যৌন শিথিলতাই দেখা দিয়ে। অথবা অত্যাধিক উত্তেজনাৰ ফলত সম্ভোগৰ অবিহনেই দ্ৰুত স্খলন হৈ দুয়ো সংগী যৌন অতৃপ্তিত ভুগি জীৱন পাৰ কৰে। এনেধৰণৰ লক্ষণ যৌন দুৰ্বলতাৰ পৰিচায়ক। যৌন দুৰ্বলতাৰ বহুতো কাৰণ থাকিব পাৰে।

যৌন দুৰ্বলতাৰ কাৰণ:
মানসিক কাৰণ: বিভিন্ন সমীক্ষাৰ পৰা দেখা গৈছে যে, অধিকাংশ ক্ষেত্ৰতে যৌন দুৰ্বলতাৰ কাৰণ শাৰীৰিক নহয়। বৰং মানসিক চিন্তা, ভয়, শোক, শংকা, উদ্বেগ আদি বিভিন্ন কাৰকে শাৰীৰিকভাৱে সক্ষম লোক এজনকো যৌন অক্ষম কৰি তুলিব পাৰে। কৰ্মব্যস্ততা আৰু হীনমন্যতাও যৌন দুৰ্বলতাৰ কাৰণ হ’ব পাৰে। এনে ধৰণৰ কিবা কাৰণত এবাৰ যৌন-মিলনত বিফল হ’লে বহু পুৰুষ হতাশ হৈ পৰে আৰু পুনৰ বিফলতাৰ আশংকাই তেওঁক অধিক দুৰ্বল কৰি তোলে। তেনে ধৰণৰ পূৰ্ব ধাৰণা বা বিফলতাৰ আশংকাত ভুগি মানসিক কাৰণত হোৱা বিফলতা চিকিৎসকৰ লগত মুকলিমূৰীয়াকৈ আলোচনা আৰু পৰামৰ্শ গ্ৰহণৰ যোগেদি সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। এনে আলোচন আৰু মানসিক চিকিৎসাৰ ফলত ৰোগীৰ মনলৈ আত্মবিশ্বাস ঘূৰি আহে আৰু পিছলৈ সফলতা লাভ কৰিবলৈ সক্ষম হয়।

শাৰীৰিক কাৰণ:
মানসিক কাৰণৰ লগতে অন্যান্য কিছুমান শাৰীৰিক ৰোগৰ কাৰণেও মানুহ এজন যৌন-দুৰ্বলতা বা যৌন অক্ষমতাত ভুগিব পাৰে। দীৰ্ঘদিন ধৰি ভুগি থকা উচ্চৰক্ত চাপ, মধুমেহ, স্নায়ু দুৰ্বলতা, অন্ত:স্ৰাৱী গ্ৰন্থিৰ অস্বাভাৱিক হৰমোন নি:সৰণ প্ৰক্ৰিয়া(থাইৰয়ড, পিটুইটেৰী, এড্ৰিনেল গ্ৰন্থি) শুক্ৰাশয়, অণ্ডকোষ, প্ৰোষ্টেট গ্লেণ্ড আৰু প্ৰজনন অংগৰ ৰোগ আদিৰ বাবেও যৌন-দুৰ্বলতা বা যৌন অক্ষমতাই দেখা দিব পাৰে। স্বপ্নদোষ, অতিমাত্ৰা হস্তমৈথুন বা অপ্ৰাকৃতিক ৰতিক্ৰিয়াৰ বাবেও সাময়িকভাৱে যৌন দুৰ্বলতাই দেখা দিব পাৰে। কিন্তু এনেধৰণৰ কাৰ্যই যৌন ক্ষমতা স্থায়ীভাৱে হ্ৰাস কৰিব নোৱাৰে। তথাপি অতিমাত্ৰা হস্তমৈথুন আৰু অপ্ৰাকৃতিক ৰতিক্ৰিয়াই বিৰূপ মানসিক প্ৰভাৱ পেলায়।

শীঘ্ৰ পতন:
বহুতো পুৰুষে ‘শীঘ্ৰ পতন’ নামৰ উপসৰ্গত ভোগে। তেনেলোকৰ যৌন উত্তেজনা আৰু যৌন ক্ষমতা স্বাভাৱিক যদিও উত্তেজনা অহাৰ লগে লগে বা শাৰীৰিক সংস্পৰ্শলৈ অহাৰ মুহূৰ্ততে বীৰ্য স্খলন হৈ যায়। তেনেধৰণৰ উপসৰ্গকে ‘শীঘ্ৰ পতন’ বোলা হয়। কিছুমান পুৰুষৰ নাৰী সংগীৰ সৈতে চুম্বন, স্পৰ্শ, মৰ্দন আদি প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ সময়তে বীৰ্য স্খলন হয়। কোনো কোনো লোকৰ নাৰীৰ শৰীৰ স্পৰ্শ মাত্ৰেই তীব্ৰ উত্তেজনা বশত: স্খলন হয়। আমি এনে লোকো লগ পাইছো যিসকলে নাৰীসংগত থাকি কথা পাতিলে, যৌন উত্তেজক দৃষ্টি সম্বলিত ছবি বা চিনেমা চালেও বীৰ্য স্খলন হৈ যায়। এইসকল ‘শীঘ্ৰ পতন’ৰ ৰোগী। শীঘ্ৰ পতনৰো প্ৰধান কাৰণ মানসিক যদিও শাৰীৰিক দুৰ্বলতা আৰু কোনো ধৰণৰ দীৰ্ঘদিনীয়া ৰোগৰ বাবে যৌন দুৰ্বলতাৰ দৰে শীঘ্ৰ পতনৰ উপসৰ্গই দেখা দিব পাৰে। এনে ধৰণৰ ৰোগীয়েই সাধাৰণতে স্বপ্নদোষৰো চিকাৰ হয়। অৰ্থাৎ ক্ষন্তেকৰ তীব্ৰ উত্তেজনা বশত: নিদ্ৰামগ্ন অৱস্থাতে বীৰ্য স্খলন হৈ যায়। স্বপ্নদোষ যদিও দীৰ্ঘদিনীয়া যৌন অতৃপ্তিৰ ফলত হোৱা এক স্বাভাৱিক ঘটনা তথাপি এই উপসৰ্গ সঘনাই ঘটি থাকিলে ৰোগী মানসিকভাৱে ভাগি পৰে। এনেবিলাক লক্ষণে দেখা দিলে তৎক্ষণাত অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল। আয়ুৰ্বেদত এনেধৰণৰ যৌন দুৰ্বলতাজনিত ৰোগৰ ভাল চিকিৎসা ব্যৱস্থা আছে।

আয়ুৰ্বেদিক চিকিৎসা:
যিকোনো ধৰণৰ যৌন দুৰ্বলতাজনিত ৰোগ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত সম্পূৰ্ণ নিৰাময় কৰিব পাৰি। অৱশ্যে জন্মগতভাৱে যৌন ক্ষমতাহীন লোকৰ কথা সুকীয়া।

ৰোগীক পঞ্চকৰ্ম কৰা হয়। বিশেষকৈ ‘স্নেহন’ এই ক্ষেত্ৰত বিশেষভাৱে উপযোগী। সুগন্ধিযুক্ত তেলেৰে গাত মালিচ কৰি ‘স্বেদন’ দিয়া হয়।

এই পদ্ধতিৰে শাৰীৰিক চিকিৎসা কৰাৰ পিছত কিছুদিনলৈ যৌন দুৰ্বলতাৰ ৰোগীৰ নিম্নোক্ত ঔষধবিলাক সেৱন কৰাৰ পৰামৰ্শ দিয়া হয়।

বানাৰী কল্প এচামুচকৈ দিনে দুবাৰ গাখীৰৰ লগত খাবলৈ দিয়া হয়।
অশ্বগন্ধা, শতাৱৰী, সৰস্বতা চূৰ্ণ, এচামুচকৈ দিনে দুবাৰ গাখীৰৰ লগত খাবলৈ দিয়া হয়।
চন্দ্ৰপ্ৰভাৱতী দুটাকৈ দিনে দুবাৰ খাব দিয়া হয়।
Tentex Royal এটাকৈ বড়ি দিনে দুবাৰ খাব লাগে।
Nirilex এটাকৈ দিনে দুবাৰ খাব দিয়া হয়।
অশ্বগন্ধাৰিষ্ট, দশমূলৰিষ্ট, চন্দনা সৱ চাৰি চামুচকৈ দিনে দুবাৰ খাব দিয়া হয়।
‘শীঘ্ৰ পতন’ হোৱাৰ কাৰণে দিয়া ঔষধ:

Semento এটাকৈ বড়ি দিনে তিনিবাৰ।
চন্দ্ৰপ্ৰভাৱতী দুটাকৈ বড়ি দিনে দুবাৰ।
Bangshil দুটাকৈ বড়ি দিনে দুবাৰ।
Anximind এটাকৈ বড়ি তিনিবাৰ।
ব্ৰাহ্মী বতি দুটাকৈ দুবাৰ।
Memtone চাৰি চামুচকৈ দুবাৰ।
B.D.Tone চাৰি চামুচকৈ দুবাৰ খাব লাগে।
যৌন দুৰ্বলতা বা অক্ষমতা কোনো ৰোগৰ কাৰণে হ’লে তাৰ চিকিৎসা কৰাব লাগে। যৌনশক্তি বৃদ্ধিকাৰক আয়ুৰ্বেদিক ঔষধ খাই শক্তি সংৰক্ষণ কৰি সফল জীৱন লাভ কৰিব পাৰি।

Leave A Reply