Breaking

লাকুৱাত মৌলবীয়ে মহিলাক চলালে যৌন নিৰ্যাতন : আৰক্ষী চকী ঘেৰাও, অৰ্ধ- সামৰিক বাহিনী মোতায়ন : অভিযুক্তক জেল হাজোতলৈ ।

0 1,072

নাজিৰা : এটা মছজিদৰ মৌলবীৰ অপকৰ্মক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে উজনি অসমৰ তৈলনগৰী লাকুৱা। সভ্য সমাজক লজ্জিত কৰি মুছলমান সমাজৰ উপাসনাস্থলী মছজিদতে এজন মৌলবীয়ে এগৰাকী হিন্দু মহিলাক চিকিৎসা বিধান দিয়াৰ নামত শালীনতা হানি কৰাক লৈ সমগ্ৰ লাকুৱাতে উত্তপ্ত পৰিস্থিতি| ইতিমধ্যে উত্তেজিত স্থানীয় ৰাইজে আটকাধীন মৌলবীজনক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীৰে লাকুৱা আৰক্ষী চকী ঘেৰাও কৰি উত্তাল হৈ পৰাত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে অঞ্চলটোত বৃহৎ সংখ্যক অৰ্ধ সামৰিক বাহিনী মোতায়ন কৰিছে। ঘটনা অনুসৰি কালি অঞ্চলটোৰে লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱত থকা মচজিদটোৰ মৌলবী আব্দুৰ ৰহমানৰ ওচৰলৈ স্থানীয় এগৰাকী মহিলা গৈছিল। ইতিপূৰ্বে বিভিন্ন ৰোগৰ চিকিৎসাৰ নিদান দিয়া মৌলবীজনৰ ওচৰলৈ পেটৰ অসুখত ভোগাৰ বাবে স্থানীয় মহিলা গৰাকী মৌলবীৰ ওচৰলৈ গৈছিল| কিন্ত মৌলবী আব্দুৰ ৰহমানে মচজিদত কোনো ব্যক্তি নথকাৰ সুযোগ লৈ মছজিদৰ ভিতৰতে লাকুৱা লাখমনিঘাটৰ মহিলাগৰাকীক শালীনতা হানি কৰে| এই সমগ্ৰ ঘটনা মহিলাগৰাকীয়ে স্থানীয় ৰাইজক অৱগত কৰাৰ লগতে ঘটনা সন্দৰ্ভত লাকুৱা আৰক্ষী চকীতো অভিযোগ দাখিল কৰে| ইয়াৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৌলবী আব্দুৰ ৰহমানক আটক কৰি অনাৰ পিছতে অঞ্চলটোৰ পৰিস্থিতি উত্তেজনা পুৰ্ণ হৈ পৰে| স্থানীয় ৰাইজে মৌলবীজনক প্ৰহাৰ কৰিবলৈ উদ্যত হৈ লাকুৱা আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে| উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধ-সামৰিক বাহিনী মোতায়ন কৰি ৰাখিছে যদিও পৰিস্থিতি বৰ্তমানেও উত্তেজিত হৈ আছে। আনহাতে অভিযুক্ত মৌলবী আব্দুৰ ৰহমানক আৰক্ষীয়ে আটক কৰি আজি শিৱসাগৰ জিলা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই আৰু দণ্ডাধীশে ৰহমানক জেল হাজোতলৈ প্ৰেৰণ কৰে।

Leave A Reply