Breaking

কে কে আৰৰ জয়ত শ্বাহৰুখ খানৰ আনন্দ, IPLৰ নতুন ছুপাৰষ্টাৰ ৰিংকু সিঙক ক’লে ‘JHOOME JO RINKU’

0 72

IPL ২০২৩ বৰ্ষত কেকেআৰ দলে গুজৰাট টাইটানছক ৩ উইকেটত পৰাস্ত কৰে। এই জয়ত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে কেকেআৰৰ জয়ৰ সন্দৰ্ভত মন্তব্য কৰিছে।কেকেআৰৰ জয়ৰ নায়ক বাওঁহাতৰ বেটছমেন ৰিংকু সিংয়ে জিটি বলাৰ যশ দয়ালৰ মেচখনৰ অন্তিম অভাৰত একেৰাহে ৫টা ছয়ৰে জয় লাভ কৰে। কে কে আৰৰ এই দৰ্শনীয় জয়ত দলৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান অতি সুখী আৰু তেওঁ দলৰ লগতে ৰিংকু সিঙক ক’লে ‘JHOOME JO RINKU’।

আই পি এলৰ দল কলকাতা নাইট ৰাইডাৰ্ছৰ জয়ৰ সন্দৰ্ভত শ্বাহৰুখ খানে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত টুইট কৰিছে। এই টুইটত খানে ‘পথান’ ছবিৰ পোষ্টাৰত নিজৰ ঠাইত ৰিংকু সিঙৰ ফটো সন্নিবিষ্ট কৰিছে। ইয়াৰ লগতে শ্বাহৰুখে কেপচনত লিখিছে যে- ‘ঝুমে জো ৰিংকু, নীতিশ ৰানা আৰু ভেংকটেশ আয়েৰ, তোমালোকো যথেষ্ট মেধাৱী। সদায় মনত ৰাখিবা যে বিশ্বাসেই আটাইতকৈ ডাঙৰ কথা। অভিনন্দন কলকাতা নাইট ৰাইডাৰ্ছ। এইদৰে শ্বাহৰুখ খানে কেকেআৰৰ জয়ক লৈ সুখ প্ৰকাশ কৰি যুৱ বেটছমেন ৰিংকু সিঙক প্ৰশংসা কৰে।

গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলাৰ কিছুদিন পূৰ্বে আই পি এল (Ipl 2023)ত ইডেন গাৰ্ডেনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে খেল খেলিছিল কলকাতা নাইট ৰাইডাৰ্ছে। এই মেচখন চাবলৈ শ্বাহৰুখ খান তেওঁৰ কন্যা চুহানা খানৰ সৈতে কলকাতাৰ ইডেন গাৰ্ডেনত উপস্থিত হৈ আৰচিবিৰ বিৰুদ্ধে নিজৰ দল কেকেআৰৰ জয়ৰ সাক্ষী হৈছিল। এই সময়ছোৱাত কিং খানৰ বহু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Leave A Reply