Breaking

শ্বাৰলিন-ৰাখীৰ পৰিকল্পনা ! আদিলৰ সকলো গোপন তথ্য ফাদিল কৰাত ৰাখীক সহায় কৰিব শ্বাৰলিন চোপ্ৰাই…

0 105

স্বামী আদিল খানৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ঘৰুৱা হিংসাৰ অভিযোগ ৰাখী সাৱন্তৰ। এই যুদ্ধত অভিনেত্ৰী শ্বাৰলিন চোপ্ৰাই সহায় কৰা দেখা গৈছে ৰাখীক। টিভি অভিনেত্ৰী ৰাখী সাৱন্তৰ আদিল খান দুৰানীৰ বাবে এতিয়াও বিপদ শেষ হোৱা নাই। যৌন নিৰ্যাতন আৰু ঘৰুৱা হিংসাৰ অভিযোগত জেলত আছে আদিল। ইয়াত নাম সাঙোৰ খাইছে ৰাখীৰ বান্ধৱী অভিনেত্ৰী শ্বাৰলিন চোপ্ৰাৰ । এই গোটেই বিষয়টোত শ্বাৰলিন চোপ্ৰাই ৰাখী সাৱন্তক সমৰ্থন কৰা দেখা গৈছে। ইয়াত ৰাখী আৰু শ্বাৰলিনে এতিয়া আদিলৰ বিৰুদ্ধে আন এখন যুদ্ধৰ বাবে সাজু হৈছে। দুয়ো এতিয়া মহীশূৰলৈ গৈছে আদিলক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা ইৰাণী ছোৱালীজনীক সমৰ্থন কৰিবলৈ।

এক খবৰ অনুসৰি আদিল খানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এগৰাকী ইৰাণী কন্যাই এফআইআৰ দাখিল কৰিছে। খবৰ অনুসৰি আই পি চিৰ ৩৭৬ ধাৰাত মহীশূৰৰ ভি ভি পুৰম থানাত এই অভিযোগ পঞ্জীয়ন কৰা হৈছে। এজাহাৰত কোৱা হৈছে যে মহীশূৰলৈ পঢ়িবলৈ অহা ইৰাণী ছোৱালীজনীৰ সৈতে সম্পৰ্ক আছিল আদিলৰ। শেষত আদিলে তাইক বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে।এতিয়া আদিলৰ পত্নী ৰাখী সাৱন্তই মহীশূৰলৈ গুচি গৈছে ভুক্তভোগী ছোৱালীজনীক সহায় কৰিবলৈ।

Leave A Reply