Breaking

শিমলুগুৰিত চিকিৎসক, বিজেপিৰ জেষ্ঠ নেতা ডাঃ প্ৰবীণ কোঁৱৰৰ মৃত্যু

0 1,275

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত শিমলুগুৰি সাঁত নং ৱাৰ্ডৰ নিবাসী সমাজসেৱক, বিশিষ্ট চিকিৎসক, বুৰঞ্জীবিদ তথা ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ জেষ্ঠ নেতা ও উপ সভাপতি ডাঃ প্ৰবীণ কোঁৱৰৰ অকাল মৃত্যু। ২৭ ছেপ্তেম্বৰৰ পুৱাই ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে বিগত কিছু দিনৰ পৰা ভুক্তভোগী বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল। কোঁৱৰ আছিল ২০২১ৰ নিৰ্বাচনৰ বিজেপি দলৰ নাজিৰা সমষ্টিৰ টিকটৰ দাবীদাৰ। সমষ্টি উন্নয়ণৰ স্বাৰ্থত বিজেপি দলৰ হৈ তেখেতে যথেষ্ট কাম কৰি গৈছে। উল্লেখ্য যে সমাজকৰ্মী, চিকিৎসকগৰাকীৰ মৃত্যুত ৰাইজ, কংগ্ৰেছ বিধায়িনী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, দলীয় নেতা-কৰ্মী সকলৰ লগতে জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক, নিউজ টাইম অসমৰ নাজিৰা মহকুমা সাংবাদিক ফাৰহান লস্কৰে গভীৰ শোক প্ৰকাশ কৰিছে। লস্কৰে আজি এক প্ৰেছ বিবৃতিৰ জড়িয়তে বিজেপি নেতা গৰাকীৰ অকাল মৃত্যুত দলৰ যথেষ্ট ক্ষতি হোৱা বুলি উল্লেখ কৰে। আনহাতে উক্ত লোক সকলে মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ বিপৰীতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে। যাক লৈ নাজিৰা সমষ্টিজুৰি এতিয়া শোকৰ ছাঁ পৰিছে।

Leave A Reply