Breaking

বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা অসুস্থ : আছুৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

0 565

মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত তথা একশৰণ হৰিনাম ধৰ্মৰ ধ্বজাবাহক বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি  হৰেকৃষ্ণ মহন্ত আতা কিছুদিন ধৰি শাৰীৰিক ভাৱে অসুস্থ হৈ আছে ।
মহান পুৰুষজনাৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদেশ্যে বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ:সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য্যৰ নেতৃত্বত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে বৰঙ্গাজুলি সত্ৰত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰি আশু-আৰোগ্য  কামনা কৰি পৰমপিতা পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰণিপাত জনাই। 
ভকত শিৰোমণি হৰকৃষ্ণ মহন্ত আতা দেৱৰ উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে ওদালগুৰি জিলাৰ উপায়ুক্ত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (হস্পিটেল)ত যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিছে বুলি আছুৰ উপ: সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্যই জানিবলৈ দিয়ে।মহান পুৰুষ জনাৰ সুচিকিৎসাৰ বাবে সকলো ব্যৱস্থা তৎকালীন ভাবে গ্ৰহন কৰিবলৈ ছাত্ৰ সন্থা আৰু ভক্তপ্ৰাণ ৰাইজে অসম চৰকাৰক অনুৰোধ জনাইছে।

Leave A Reply