Breaking

উচ্চতৰ মাধ্যমিকৰ ফলাফলত দ্বিতীয়বাৰ অসমৰ ভিতৰত বিজ্ঞান শাখাত শীৰ্ষ স্থান শিৱসাগৰ জিলা ।

0 1,062

নাজিৰা : হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰা শিৱসাগৰ জিলাত আনন্দোল্লাসৰ মাজতে ২৫ জুনত ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি একেবাৰে দ্বিতীয় বৰ্ষতো সমগ্ৰ অসমৰ ভিতৰত শিৱসাগৰ জিলাই বিজ্ঞান শাখাত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনত বিজ্ঞান শাখাত ৯৫.৯৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে কলা শাখাত ৮৮.৬৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান আৰু বাণিজ্য শাখাত ৯৫.৫০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। শিৱসাগৰ জিলাৰ পৰা বিজ্ঞান শাখাত ১,১৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১,১২০ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। ইয়াৰে প্ৰথম বিভাগত ৭২১ গৰাকী, দ্বিতীয় বিভাগত ৩৩৫ গৰাকী আৰু তৃতীয় বিভাগত ৬৪ গৰাকী উত্তীৰ্ণ হয়। কলা শাখাত জিলাখনৰ পৰা মুঠ ৪,৮২৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰথম বিভাগত ৮৯৯ গৰাকী, দ্বিতীয় বিভাগত ১,৬০৪ গৰাকী আৰু তৃতীয় বিভাগত ১,৭৭২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত জিলাখনৰ পৰা ৩৩৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। ইয়াৰে ১০০ গৰাকীয়ে প্ৰথম বিভাগ, ১২০ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৯৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। এই সামগ্ৰিক ফলাফলত শিৱসাগৰ জিলাৰ শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক সকল উৎফুল্লিত হৈ পৰিছে। আনহাতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা জিলাখনৰ সমূহ ছাত্র-ছাত্ৰীকে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,  জিলা শিক্ষা বিষয়া আব্দুল জেলিলে অভিনন্দন জনাইছে। 

Leave A Reply