Breaking

ঈদৰ বজাৰৰ নামত অনাহকত নগৰত সমবেত হৈ ল’কডাউন ভংগ নকৰিবলৈ শিৱসাগৰৰ মছজিদ পৰিচালনা সমন্বয়ৰক্ষী সমিতিৰ আহ্বান

0 80

শিৱসাগৰ 

সমগ্ৰ বিশ্বত ক’ভিড-১৯ মহামাৰীয়ে  মানৱ জীৱনলৈ যি বিপদ নমাই আনিছে ইয়াক লৈ এতিয়া ত্রস্তমান প্ৰতিখন দেশেই। কেন্দ্ৰীয় আৰু অসম চৰকাৰে মানৱ সম্পদ ৰক্ষা কৰাৰ স্বাৰ্থত ৫৪ দিনৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনৰ দৰে এক অপ্রত্যাশিত  ব্যৱস্থা হাতত ল’ব লগীয়া পৰিছে। এনে এক জটিল সন্ধিক্ষণত সমুখত আহি পৰিছে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ উল ফিট্টৰ। এই ক্ষেত্ৰত অসমবাসী ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ বিশেষ এক আহ্বান জনাইছে শিৱসাগৰ জিলাৰ মছজিদ পৰিচালনা সমিতিসমূহৰ মূখ্য আহ্বায়ক আলহাজ জুন খানে। কাকতলৈ প্রেৰণ কৰা এক বাৰ্তাত আহ্বায়ক গৰাকীয়ে উল্লেখ কৰিছে যে ক’ভিড-১৯ৰ যুঁজত চৰকাৰক পৰ্যাপ্ত পৰিমানৰ সহযোগিতা আগবঢ়োৱাৰ আমাৰ সকলোৰে দায়িত্ব। সেই মৰ্মে অনাগত ঈদ উল ফিটৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বজাৰ সমাৰ কৰাৰ নামত অনাহকত বজাৰত ভিৰ নকৰিবলৈ আহ্বান জনাইছে। যিহেতু ক’ভিড-১৯ৰ পৰা ৰক্ষা পাবলৈ হ’লে সামাজিক দূৰত্ব  মানি চলিব লাগিব আৰু বৰ্হিঃৰাজ্যৰ পৰা অহা কাপোৰত এই ভাইৰাছ আপোনালোকৰ দেহৰ লগতে আন দহ জনৰ জীৱনলৈও বিপদ কঢ়িয়াই আনিব পাৰে। সেয়ে চৰকাৰ-প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সকলো চৰকাৰী নীতি নিৰ্দেশনা মানি চলাটো প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য। এনে এক জটিল সময়ত শিৱসাগৰ জিলা মছজিদ পৰিচালনা সমিতিৰ সমন্ধয়ৰক্ষীক সমিতিৰ আহ্বায়ক মণ্ডলীৰ তৰফৰ পৰা শিৱসাগৰৰ লগতে ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ আহ্বান জনাইছে যে ঈদৰ বজাৰ সমাৰ কৰাৰ নামত অপ্ৰয়োজনীয়ভাৱে নগৰত প্ৰৱেশ কৰি ভৰি কৰিব নালাগে। এনে কৰিলে সামাজিক দুৰত্ব হ্ৰাস পাব আৰু চৰকাৰে বান্ধি দিয়া ল’ক ডাউন উলংঘা কৰা হ’ব।

Leave A Reply