Breaking

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ, অসমৰ বৰাক উপত্যকাৰ কাছাৰ জিলাত শৰণ শিবিৰ

0 539


দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ কাছাৰ জিলাৰ এলেখাগুল আঞ্চলিক নামঘৰত ভক্তপ্ৰাণ ৰাইজ, আইমাতৃ আৰু যুৱ সমাজৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচিৰে ধৰ্মীয় সভা আৰু শৰণ শিৱিৰ অনুষ্ঠিত হয়৷ প্ৰতিকুল বতৰকো নেওঁচি দূৰদূৰণিৰ পৰা আহি সমবেত হোৱা দুই শতাধিক ভক্তপ্ৰাণ ৰাইজ, আইমাতৃ আৰু যুৱক-যুৱতী সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ, অসমৰ বৰাক উপত্যকাৰ তিনিওখন জিলাৰ প্ৰধান সংগঠক নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁতধৰে ৰাজ্যিক সমাজৰ প্ৰধান সম্পাদক শ্রীমন্ত ভূঞাই৷

মুখ্য অতিথিৰ আসন অলংকৃত কৰে ৰাজ্যিক সমাজৰ তথা তত্বপৰিষদৰো সভাপতি  দীনেশ মহন্তই৷ মুখ্য অতিথিৰ ভাষণত সভাপতি গৰাকীয়ে বৰাক উপত্যকাৰ তিনিখন জিলাত থকা ২৪ খন অসমীয়াভাষী গাঁৱত গুৰুজনাৰ আদৰ্শৰে প্ৰতিস্থিত ৯ টা নামঘৰত শৰণ, ভজন-ভক্তিৰে নামপ্ৰসঙ্গৰ ধাৰা অব্যাহত ৰখা শাখা আঞ্চলিক আৰু জিলাৰ সমূহৰ ভক্তপ্ৰাণ ৰাইজ, আই আৰু যুৱ সমাজৰ প্ৰতি সাধুবাদ জ্ঞাপনৰে সেইদিনাৰ বাবে প্ৰস্তুত কৰা শৰণ ২৬ জনৰ, ভজন ৬ জনৰ তালিকা দেখি সন্তোষ প্ৰকাশ কৰে৷

এসময়ৰ ৰাজ্যিক শৰণাচাৰ্য্য বলো বৰাই গুৰুধৰ্ম প্ৰচাৰৰ বাবে আগবঢ়োৱা সেৱাক শ্রদ্ধাৰে সোঁৱৰে৷ আনহাতে সভাপতিৰ ভাষণত মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ, অসমৰ ইতিবৃত্তৰে ৪ তত্বৰ মূল আধাৰ হৰিনাম মহত্বৰ ব্যাখ্যা সংক্ষেপে দাঙি ধৰে৷ পূৰ্বতে এখন জিলা হিচাপে থকা সমাজখনৰ কলেৱৰ চাই তেওঁলোকৰ অনুৰোধ মৰ্মে(ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা আৰু সাধাৰণ পৰিষদ সভাৰ অনুমোদন সাপেক্ষে) এইসভাৰ মূখ্য অতিথিৰ আসনৰ পৰাই হৰিধ্বনিৰ জৰিয়তে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি তিনিখন পূৰ্ণাঙ্গ জিলা ঘোষণা কৰে৷

পূৰ্বৰ তিনিওখন জিলাৰ প্ৰধান সংগঠক, নামাচাৰ্য্য, উক্ত সভাৰ সভাপতি ঘিলাইজান আঞ্চলিকৰ নিৰঞ্জন হাজৰিকাক(তত্বপৰিষদৰ অনুমোদন সাপেক্ষে) সভাই শৰণাচাৰ্য্য দায়িত্বও অৰ্পন কৰে৷ শৰণ শিৱিৰ অনুষ্ঠানত ৰাজ্যিক শৰণাচাৰ্য্য হলধৰ ডেকায়েও ভক্তিমাৰ্গত শৰণ-ভজনৰ শব্দাৰ্থ, পদাৰ্থ, তত্বাৰ্থ, নিহিতাৰ্থ, গুঢ়াৰ্থৰ মাজেৰে পৰমাৰ্থলৈ গতি কৰাৰ উপায়ৰ বিষয়ে গুৰুবাণীৰে অতি সহজ-সৰল ভাৱে দাঙি ধৰাৰ অন্তত শৰণ আৰু ভজন পৃথক পৃথককৈ প্ৰদান কৰে৷

Leave A Reply