Breaking

SI জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰঃ ১২ জুনত দিল্লীস্থিত চিবিআইৰ কাৰ্যালয়লৈ যাব অসমৰ ডিজিপি

0 90

মৰিকলঙৰ উপ-পৰিদৰ্শক (এছ আই) জোনমনি ৰাভাৰ সন্দেহজনক মৃত্যু সন্দৰ্ভত এক উল্লেখযোগ্য ঘটনাৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ কাৰ্যালয় পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে।

সংবাদ মাধ্যমৰ আগত অসমৰ ডিজিপি জিপি সিঙে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মই ১২ জুনত চিবিআইৰ কাৰ্যালয়লৈ যাম। নতুন দিল্লীত চিবিআইৰ শীৰ্ষ বিষয়াৰ সৈতে আমি আলোচনা কৰিম। আশাকৰোঁ আলোচনাৰ অন্তত এছ আই জোনমনি ৰাভাৰ মৃত্যুৰ গোচৰ চিবিআইলৈ হস্তান্তৰ কৰা হ’ব।”

উল্লেখযোগ্য যে চিবিআইয়ে কেৱল কেন্দ্ৰীয় শাসিত অঞ্চলতহে অপৰাধৰ তদন্ত ল’ব পাৰে। কিন্তু সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সন্মতি সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে চিবিআইক কোনো ৰাজ্যৰ অপৰাধৰ তদন্তৰ কৰ্তৃত্ব প্ৰদান কৰিব পাৰে।

ইয়াৰ পূর্বে ২০ মে’ত গোচৰৰ প্ৰতিটো দিশ পুনৰীক্ষণ কৰি চিআইডি অসম আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে আলোচনা কৰি অসমৰ ডিজিপি জিপি সিঙে অসমৰ নগাঁও আৰু লখিমপুৰ জিলাত পঞ্জীয়ন হোৱা চাৰিওটা গোচৰৰ তদন্ত কেন্দ্রীয় তদন্ত ব্যুৰো (চিবিআই)লৈ হস্তান্তৰ কৰাৰ বাবে আনুষ্ঠানিকভাৱে পৰামৰ্শ দিছিল।

গুৱাহাটীত এখন সংবাদমেলৰ সময়ত ডিজিপি জিপি সিঙে উল্লেখ কৰে যে, “মোৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰাৰ এই সিদ্ধান্ত দুটা ভিত্তিত লোৱা হৈছে। প্ৰথমতে জনসাধাৰণৰ আৱেগ, তেওঁলোকৰ ইচ্ছা, আৰু গোচৰসমূহ চিবিআইলৈ হস্তান্তৰ কৰাৰ দাবী, আৰু দ্বিতীয়তে, আমাৰ নিজৰ এগৰাকী বিষয়াই প্ৰাণ হেৰুৱাইছে, আৰু গোচৰটো নিৰপেক্ষ সংস্থাই তদন্ত কৰাটো উপযুক্ত বুলি বিবেচিত হৈছে।

Leave A Reply