নলবাৰী : নলবাৰী আৰক্ষীয়ে ইতিপূৰ্বে তিনি গৰাকীকৈ যুৱকক সোধ পোচৰ বাবে আটক কৰাৰ পিছত কালি পুৱতি নিশা আকৌ দুগৰাকীকৈ যুৱকক নলবাৰী আৰক্ষীয়ে সোধ পোচৰ বাবে আটক কৰে। যুৱক কেইজন ক্ৰমে হৰকত আলী, সঞ্জীৱ বৰ্মন, মৃদুল বৰ্মন, পাৰ্থপ্ৰতিম পাঠক আৰু ধ্ৰুৱজ্যোতি বৰুৱা। জানিব পৰা মতে এই পাঁচ গৰাকী যুৱক আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ আবেদনকাৰী আছিল। এই পাঁচ গৰাকী যুৱকে এছ আই পৰীক্ষাৰ আগদিনা গুৱাহাটীৰ হোটেলত অনুশীলনত বহিছিল। আনহাতে ধাৰাবাহিক এছ আই কাণ্ডৰ লগত জৰিত বিভিন্ন তথ্য পোহৰলৈ আহিছে। কুলদ্বীপ ৰাজবংশী আৰু কুমুদ গোস্বামীৰ পিছত এইবাৰ নাম ওলাইছে নিতুল বৰ্মনৰ। পাঁচজনকৈ পৰীক্ষাৰ্থীক নলবাৰী আৰক্ষীয়ে আটক কৰাৰ পিছত পৰীক্ষাৰ্থী এজনে নাম লৈছে নিতুল বৰ্মনৰ। কোন এই নিতুল বৰ্মন, এছ আই নিযুক্তি কেলেংকাৰী কাণ্ডত তেওঁৰ ভূমিকা কি বুলিও ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে।