Breaking

চিমেন চাপৰিত শোকৰ ছা, বিভিন্ন সংগঠনৰ শোক প্ৰকাশ,সুদক্ষ ফুটবল খেলুৱৈ, বড়ো ভল্যুনটিয়াৰ ফৌৰ্জৰ কমাণ্ডাৰ, ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভাপতি লাইচুমা স্বৰ্গীয়াৰীৰ বিয়োগ…

0 60

একালৰ সুদক্ষ খেলুৱৈ,বড়ো ভল্যুনটিয়াৰ ফৌৰ্জৰ অবিভক্ত লখিমপুৰ জিলাৰ কমাণ্ডাৰ ,ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভাপতি লাইচুমা স্বৰ্গীয়াৰীৰ আজি নিজা বাসভৱনত পৰলোকগামী হয়। যোৱা পাঁচবছৰৰ পৰা বহুমূত্ৰ, বৃক্ক,কিডনিৰ ৰোগত আক্ৰান্ত হোৱা লাইচুমা স্বৰ্গীয়াৰীয়ে গুৱাহাটী,ডিব্ৰুগড়, ধেমাজি আদি ঠাইত চিকিৎসা গ্ৰহণ কৰিছিল যদিও আৰোগ্য লাভ হোৱা নাছিল।শেহতীয়াকৈ ঘৰৰ পৰাই আহযাহ কৰি ধেমাজিত চিকিৎসা গ্ৰহণ কৰি আছিল যদিও আজি দিনৰ ১১ বজাত চিমেন চাপৰি আগমা চাপৰিৰ নিজাবাসভৱন শেষ নিশ্বাস ত্যাগ কৰে।১৯৭১ চনৰ ১৮ জানুৱাৰী তাৰিখে কামৰূপ জিলাৰ নাওকাটাৰ মাগুৰমাৰী গাঁৱত জন্ম হৈছিল লাইচুমা স্বৰ্গীয়াৰীৰ। পৰৱৰ্তী কালত পিতৃৰ সৈতে অবিভক্ত লখিমপুৰ জিলাৰ ডেকাপাম মাজগাঁৱলৈ আহি স্থায়ীভাৱে বসবাস কৰে। একালৰ দুদৰ্ষ ফুটবল খেলুৱৈ গৰাকীয়ে হস্তিনাপুৰ প্ৰাথমিক বিদ্যালয়ত এল পি পাছ কৰাৰ পাছত মিছামৰা বাপুজী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা এম ই আৰু চিমেন চাপৰি সতীশ বসুমতাৰী বড়ো হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

তামোলপুৰ কলেজৰ পৰা প্ৰাক্ বিশ্ববিদ্যালয় আৰু স্নাতক ডিগ্ৰী লাভ কৰিছিল। সকলোৱে লগত জনপ্ৰিয় হৈ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি গৈছিল লাইচুমা স্বৰ্গীয়াৰীয়ে। ভৰপুৰ বড়োলেণ্ড আন্দোলনৰ সময়ত অবিভক্ত লখিমপুৰ জিলাৰ বড়ো ভল্যুনটিয়াৰ ফৌৰ্জৰ কমাণ্ডাৰ হিচাপে নেতৃত্ব বহন কৰা লাইচুমা স্বৰ্গীয়াৰীয়ে সেনা-পুলিচৰ অত্যাচাৰৰ সন্মুখীন হবলগা হৈছিল। চিমেন চাপৰিৰ লগতে ধেমাজি জিলাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী লাইচুমা স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ গুণমুগ্ধ সকলে নিজাবাসভৱনত উপস্থিত হৈ ৰাজহুৱাকৈ শেষ শ্ৰদ্ধা নিবেদন কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী বিবাহিত জী,এগৰাকী কন্যা, দুগৰাকী জ্যেষ্ঠ ভাতৃ,তিনিগৰাকী কণিষ্ঠ ভাতৃ,বহু সংখ্যক আত্মীয় স্বজনক ইহঃসংসাৰত এৰি থৈ গৈছে।তেওঁৰ মৃত্যুত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী,অধ্যক্ষ অনিল বসুমতাৰী,সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম,উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,শুক্ৰেশ্বৰ গয়াৰী,ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী,সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী,

মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী,বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলিপ বসুমতাৰী,সাধাৰণ সম্পাদক মানিক বড়ো, চিমেন প্ৰাথমিক সমিতিৰ সভাপতি মাওফুংসা ৰামচিয়াৰী, সাধাৰণ সম্পাদক অমেশ ব্ৰহ্ম,এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়ো,সাধাৰণ সম্পাদক উদাং বি বডোছা, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী,প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰফুল্ল বড়ো,আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী,সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম,গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপ সভাপতি গন্ধেশ্বৰ গগৈ, সাধাৰণ সম্পাদক তোলন সোনোৱাল,ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰী,ডেকাপাম গাওঁ পঞ্চায়তৰ সভানেত্ৰী সুমিতা মুছাহাৰী,চমকং গাওঁ পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্মই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।


শম্ভু দাস
ধেমাজি

Leave A Reply