Breaking

আৰম্ভ হ’ল ৪৯ সংখ্যক চিলাপথাৰ কেন্দ্ৰীয় ব’হাগী উৎসৱ

0 118

চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে ৪৯ সংখ্যক চিলাপথাৰ কেন্দ্ৰীয় ব’হাগী উৎসৱ আজিৰে পৰা অনুষ্ঠিত হৈছে ।

আজি প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি চিলাপথাৰ কেন্দ্ৰীয় বিহু সমিতি আৰু উদ্ যাপন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতিদ্বয় ক্ৰমে তিলক ফুকন আৰু ৰঞ্জিত পেগুৱে । ইয়াৰ পাছতেই শ্বহীদ তৰ্পন কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰুবুল ফুকনে ।

কাৰ্যকৰী সভাপতি বিমল বুঢ়াগোহাঁই য়ে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছতেই সাংস্কৃতিক কৰ্মী টংকেশ্বৰ দুৱৰাই বিহুতলী উন্মোচন কৰে । তেখেতক সহযোগ কৰে চিলাপথাৰৰ ৰংমন হুঁচৰি বিহু দলে । ইয়াৰ পাছতেই বিভিন্ন প্ৰতিযোগিতাসমূহ আৰম্ভ হয় ।

অনুষ্ঠানটোৰ তৃতীয় দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত ।

Leave A Reply