Breaking

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি আৱাসিক চিকিৎসক ছাত্ৰাবাস

0 1,123

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৫০খন আসনযুক্ত এটা আৱাসিক চিকিৎসক ছাত্ৰাবাস শুকুৰবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে এছ এম চি এইচত আৱাসিক চিকিৎসকসকলৰ বাবে কোনো আৱাসৰ সুবিধা নাছিল৷ এতিয়া ৭.০৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ছাত্ৰাবাসে এছ এম চি এইচৰ কৰ্তব্যৰত আৱাসিক চিকিৎসকসকলৰ এক দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰিলে বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে৷

এই উদ্বোধনী কাৰ্যসূচীত সতীৰ্থ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য, অশোক সিংহল, সাংসদ ৰাজদীপ ৰয়কে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে৷

Leave A Reply