Breaking

বাংলাদেশত সনাতনী হিন্দুৰ ওপৰত হোৱা অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে টংলাত মৌন সমদল

0 2,039

বাংলাদেশত বাস কৰা সনাতনী হিন্দু সকলক কৰা অত্যাচাৰ এয়া কনো নতুন কথা নহয় প্ৰায়ে নিৰ্যাতনৰ বলি হৈ আছিছে বাংলাদেশী হিন্দু সকল ।সেয়েহে এইবাৰো ২০২১ বৰ্ষৰ দুৰ্গোৎসৱৰ সময়ত বাংলাদেশৰ  সনাতনী হিন্দু সকলক কৰা  অমানৱীয় অত্যাচাৰ তথা মন্দিৰ পৰ্যন্ত ভাঙি দিয়া ঘটনাই সমগ্ৰ বিশ্বতে খলকনীৰ সৃষ্টি কৰিছিল।পৰিপেক্ষিতত হিন্দু সমাজক কৰা এনে অত্যাচাৰ আৰু নিৰ্যাতনৰ বিৰুদ্ধে  বিভিন্ন জনে বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছিল ।সমান্তৰালকৈ বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলা টংলা চহৰতো টংলা আঞ্চলিক সনাতনী সন্থা টংলা আঞ্চলিক  ৰাম সেনা অসম লগতে টংলা বজৰংগ খণ্ডৰ উদ্যোগত  যুটিয়াভাৱে টংলা চহৰত সহশ্ৰাধিক প্ৰতিবাদকাৰীৰ উপস্থিতিত মৌন সমদল কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিলক্ষিত হয়।

Leave A Reply