Breaking

শংকৰদেৱ শিশু নিকেতন কুমাৰীকাটাৰ ৰূপালী জয়ন্তী । বৰ্ণিল সাংস্কৃতিক শোভাযাত্রাই মুহিলে ৰাইজক

0 125

শিশু শিক্ষা সমিতি , অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন , কুমাৰীকাটাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে । আজি পুৱা সমূহীয়া বন্দনা কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি বাসুদেৱ উপাধ্যায়ে । নিকেতনৰ পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অধৰ দেউৰীয়ে । উপস্থিত বিদ্যাৰ্থী সকলে বৃন্দগীত পৰিবেশন কৰাৰ পিছতে স্মৃতি তৰ্পন আৰু প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰে ক্ৰমে শংকৰদেৱ শিশু নিকেতন , কুমাৰীকাটাৰ প্ৰতিষ্ঠাপক সভাপতি চিনাকান্ত বসুমতাৰী আৰু প্ৰাক্তন সভাপতি মনোমোহন দাসে । অনুষ্ঠানৰ লগত ৰজিতা খুৱাই উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । শোভাযাত্ৰা শুভ উদ্বোধন কৰে বিটিআৰৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে ।

উদ্বোধনী ভাষণত তেওঁ কয়– আজি পচিশ বছৰ আগতে কুমাৰীকাটাৰ নিচিনা এটি অনগ্ৰসৰ অঞ্চলত এচাম গুণী আৰু বিদ্যানুৰাগী লোকে এই অনুষ্ঠানটি গঢ় দি কুমাৰীকাটাত মানৱ সম্পদ গঢ় দিয়াত সহায় কৰি কুমাৰীকাটা বাসীক ধন্য কৰিলে। পচিশ বছৰ আগতে তেওঁলোকে ইয়াৰ গুৰি নধৰা হলে কুমাৰীকাটাৰ মানৱ সম্পদবোৰ অথলে গল হেতেন।সেয়ে এই ছেগতে মই কুমাৰীকাটা বাসীৰ হৈ তেওঁলোকৰ যি ত্যাগ সেয়া স্বীকাৰ কৰি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। এই ছেগতে যিসকল আচাৰ্য/আচাৰ্যাই নামমাত্ৰ বেতন লৈ আজিও এই নিকেতনত শিক্ষা দানত ব্ৰতী হৈ আছে তেওঁঁলোকলৈও মই হিয়াভৰা শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে এই বিদ্যালয় খনক পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত গঢ় দিয়াত অগ্ৰসৰ হ’ব বুলিও তেওঁ কামনা কৰে। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকে বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি এক অনন্য মাত্ৰা প্ৰদান কৰে । শোভাযাত্ৰাত -ভোৰতাল নৃত্য, গায়ন বায়ন,থিয় নাম,হোলী গীত পৰিৱেশন কৰা হয়। অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সাজ পৰিধান কৰা শতাধিক মহিলাই হাতে হাতে কলহ ,জাপি লৈ জাত জাত বিয়ানাম পৰিৱেশন কৰি অংশগ্ৰহণ কৰাত শোভাযাত্ৰাটো অধিক আকৰ্ষণীয় হৈ পৰে।


আবেলিৰ ভাগত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আচাৰ্যৰ প্ৰীতি সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান । অনুষ্ঠানটো পৰিচালনা কৰে অম্লানজ্যোতি দেউৰী আৰু ডুলুজিত দাসে । সন্ধিয়া ৫.১৫ বজাত বন্তি প্ৰজ্বলন কৰে বীৰেন দাস । সন্ধিয়া ৬.৩০ বজাত সুৱদী সুৰীয়া সোণোৱালী সন্ধিয়া শীৰ্ষক অনুষ্ঠানটো উদ্বোধন কৰে বিশিষ্ট কণ্ঠশিল্পী কবীন্দ্ৰ দাস। অনুষ্ঠানত ছাত্ৰ ছাত্ৰী আৰু মাতৃসকলৰ উপৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যা সাগৰে অনুষ্ঠান পৰিবেশন কৰে । কাইলৈ অনুষ্ঠানৰ দ্বিতীয় তথা অন্তিম দিন । কাইলৈ পুৱা ১০.৩০ বজাত ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি হৰি ৰাম উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াব শিশু শিক্ষা সমিতি অসমৰ সভাপতি ডঃ দিব্যজ্যোতি মহন্তই । মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু । মঞ্চ অতিথি হিচাপে উপস্থিত থাকিব তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী । সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ দয়ানন্দ পাঠক আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক নৃপেন বৰ্মনে । মুকলি সভাখনত স্মৃতি গ্ৰন্থ উন্মোচন কৰিব অৰুণাচল শিক্ষা বিকাশ সমিতিৰ প্ৰান্ত সংযোজক সুকুমাৰন কেই আৰু ভাৰতী আলোচনী উন্মোচন কৰিব বঙাইগাঁও বিভাগৰ বিভাগ নিৰীক্ষক অখিল শৰ্মাই । দিনৰ ৪ বজাত ৰজাই হুকুম দিছে এদিম ছেদিম বা শীৰ্ষক কণ কণ ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান । সন্ধিয়া ৬ বজাত গীতৰ এসন্ধ্যা উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক মনালিছা শইকীয়াই । অনুষ্ঠানত কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেল , ৰদালি তালুকদাৰ আৰু পুষ্প পাঠকে অনুষ্ঠান পৰিবেশন কৰিব । আটাইবোৰ কাৰ্যসূচীতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰী , প্ৰাক্তন ছাত্ৰ ছাত্ৰী , আচার্য , শুভাকাংখী আৰু বিদ্যানুৰাগী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে নিকেতন পৰিচালনা সমিতিৰ সভাপতি বাসুদেৱ উপাধ্যায় , সম্পাদক অধৰ দেউৰী , ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি হৰিৰাম উপাধ্যায় , সম্পাদক কমল বায়ন , প্ৰধান আচার্য গোপদেৱ ভৰালী , প্ৰাক্তন ছাত্ৰ ভাৰতীৰ তত্বাৱধায়ক চিন্ময় দাস , অধ্যক্ষ ধীৰাজ তালুকদাৰে ।

Leave A Reply