Breaking

ৰূপৰ পদকেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিলে তনয় শৰ্মাই

0 1,055

বৰ্তমান সময় প্ৰতিযোগিতাৰ যোগ । প্ৰতিজন সন্তানৰ মাক-দেউতাকে নিজৰ সন্তানৰ ভৱিষ্যতৰ সপোনক বাস্তৱ ৰূপ দিয়াবলৈ চেষ্টা কৰে। টীয়কৰ এজন কণমানি য়ে সমগ্ৰ ৰাজ্যৰ লগতে অঞ্চলটিলৈ কঢ়িয়াই আনিলে গৌৰব। টীয়ক পহুমৰা গাঁওৰ পিতৃ হৰেন শৰ্মা আৰু মাতৃ ৰীতা দেৱী ৰ পুত্ৰ তথা ৫৪ নং প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ তনয় শৰ্মাই বিহাৰৰ ভাগলপুৰত অনুষ্ঠিত 16th National Ashihara Karate Championship ত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক লাভ কৰে।

এই বিজয়ে সমগ্ৰ অসমৰ লগতে টীয়ক অঞ্চলটো গৌৰবান্বিত কৰি তুলিছে। আৰ্থিক অনাটনৰ মাজতো আগবাঢ়ি যোৱা তনয়ৰ আগন্তক দিনত আৰু সফলতা লাভ কৰিবলৈ প্ৰয়োজন আপোনালোকৰ সহায় তথা আশীৰ্বাদৰ। উল্লেখযোগ্য যে Ashihara Karate Fedaration Of India ৰ সৌজন্যত 16th National Karate Chamiponship অসমে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনে। ২৯ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই খেলখনত অসমৰ ৫০ জনৰো অধিক খেলুৱৈ অংশগ্ৰহণ কৰে। হেমন্ত বৰঠাকুৰ আৰু সুশান্ত দাসৰ নেতৃত্বত যোৱা দলটি য়ে ৩২ টা সোণৰ পদক, ১৮ টা ৰূপৰ পদক , ৯ টা ব্ৰঞ্জৰ পদক লাভ কৰে।

Leave A Reply