Breaking

লাহৰীঘাটত ৬ জুৱাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ

0 532

আজি জুৱাৰীৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীৰ অভিযান।নিশা অভিযান চলাই লাহৰীঘাটৰ শিঙাহেৰুৱা গাঁৱৰ পৰা লাহৰীঘাটৰ ছয়জন জুৱাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।লগতে জুৱাৰী কেইটাৰ পৰা ৭,৪৫০ টকাসহ ছয় পেকেট তাচপাত উদ্ধাৰ কৰে।গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইটা হৈছে লাহৰীঘাট অঞ্চলৰ অমৰাগুৰি গাঁৱৰ হজৰত আলী,নিজাম আলী,মুছাবীৰ হুছেইন, মহিবুৰ ৰহমান, মৰিতলিৰ আলী হুছেইন আৰু ডোংগাপাৰাৰ ৰফিকুল ইছলাম ওৰফে কালীয়া।ইফালে জুৱাৰী কেইটাৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে ৪৪৬/২১ নম্বৰত এটি গোচৰ ৰুজু কৰি আজি এনেদৰে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে।

Leave A Reply