Breaking

অপৰাধ তালিকাত নাম থকা ছহেজাৰ ব্যক্তি, কোম্পানীৰ তথ্য চীনা তথ্যপ্রযুক্তি কোম্পানীত

0 1,283

দৈনন্দিন বাৰ্তা ডেস্ক : অগাষ্টা ৱেলেণ্ড কেলেংকাৰী, অর্থনৈতিক অপৰাধ, সংঘঠিত অপৰাধ, সন্ত্রাসবাদীৰ আক্ৰমণৰ পৰা ভাৰতৰ সোণসহ নানান সামগ্ৰী চোৰাং ব্যৱসায়ী, ড্ৰাগছ চক্ৰ, নাবালক ম’বাইল চুৰি চক্ৰ ঝেনহুয়া তথ্যপ্রযুক্তি কোম্পানীৰ চকুৰ আগত আছে ৷ সৰ্বভাৰতীয় সংবাদ মাধ্যমে এই তথ্য লাভ কৰিছে ৷ অপৰাধ তালিকাত নাম থকা প্ৰায় ছহেজাৰ ব্যক্তি, কোম্পানীৰ তথ্য ৰাখিছে এই চীনা কোম্পানীটোৰ তথ্যভাণ্ডাৰত ৷ উল্লেখ্য যে চীনা কোম্পানীটোৰ নজৰত আছে সত্যম গ্ৰুপৰ অধ্যক্ষ ৰামালিংগম ৰাজু বা তেওঁৰ আত্মীয়ৰ ১৯ টা কোম্পানী ৷ এওলোকৰ বিৰুদ্ধে আয়কৰ ফাঁকিৰ অভিযোগো ৰাখিছে ৷ তদুপৰি নজৰত আছে ঝাৰখণ্ডৰ কোষাগাৰ কেলেংকাৰী, পশু খাদ্য কেলেংকাৰী আৰু ভেমপ কেলেংকাৰীৰ দৰে ঘটনা ৷ আনহাতে ঝেনহুয়াৰ তথ্যভাণ্ডৰত ৰখা হৈছে ছোনীয়া গান্ধীৰ জোৱাই ৰবাৰ্ট বাদ্ৰাৰ কোম্পানী স্কাই লাইট হাস্পিটালিটি প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে ইডিৰ তদন্ত, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোডাৰ বিৰুদ্ধে আৰ্থিক গোচৰ, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ বিৰুদ্ধে বেআইনীভাৱে আত্মীয়ক মাটি হস্তান্তৰ ৷ ইয়াৰ উপৰি ৫০০ টাৰো অধিক কোম্পানীক নজৰ বন্দী কৰিছে ৷ এই কোম্পানীবোৰ ঝেনহুৱাৰ নজৰত আছে ৷ তদুপৰি ১০০ ৰো বেছি সন্ত্ৰাসবাদী কাৰ্যকলাপ চীনৰ কোম্পানীটোৰ পৰ্যৱেক্ষণত ধৰা পৰিছে ৷ ইয়াৰ মাজত আছে ডাউদ ইব্ৰাহিম, টাইগাৰ মেনন, জামাত উল মাজাহিদিনৰ বাংলাদেশ সংগঠনৰ সদস্য আৰু কাম ৷ লগতে ২০১৪ চনৰ খাগড়গড় বিস্ফোৰণো আছে ৷ ইপিনে ভাৰতৰ পিপুলছ লিবাৰেচন ফ্ৰণ্টৰ বিৰুদ্ধে অপহৰণ, হত্যাৰ দৰে ২৮ টা গোচৰ, ২০১৫ চনৰ বড়োলেণ্ড আন্দোলনৰ নানান তথ্য আছে ঝেনহুৱাৰ ডাটাবেচত ৷ চীন চৰকাৰ আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ সৈ সংযুক্ত শ্বেনজেন ভিত্তিক তথ্যপ্রযুক্তি কোম্পানী ঝেনহুৱাই এই নজৰ কৰি আছে ৷ ‘হাইব্রিড ৱাৰফেয়াৰ’ আৰু ‘চীনা জাতিৰ মহান পুনৰ্জাগৰণৰ’ লক্ষ্যৰে এই কাম কৰা হৈছে বুলি প্ৰকাশ ৷ আনহাতে ৩৭৫ জন আমোলা, যিসকলা অধিকাংশ বৰ্তমান সেৱাত আৰু অৱসৰপ্ৰাপ্ত, এই ডাটাবেচত আছে ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া, আইএএছ বিষয়া, আৰক্ষী বিষয়া চীনৰ কোম্পানীটোৰ নজৰত আছে বুলি প্ৰকাশ ৷

Leave A Reply