পুৰুষতকৈ মহিলাৰ বাবে ধূমপান অধিক বিপদজনক!

পুৰুষেই হওক বা মহিলাই হওক চিগাৰেট খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিন্তু ধূমপানে পুৰুষতকৈ মহিলাক বেছিকৈ প্ৰভাৱিত কৰিব পাৰে? পুৰুষৰ শৰীৰতকৈ নাৰীৰ শৰীৰ জৈৱিকভাৱে পৃথক, যাৰ বাবে ধঁপাতৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই মহিলাক অধিক প্ৰভাৱিত কৰিব পাৰেঃ

ধূমপান হৃদৰোগৰ এক প্ৰধান কাৰণ। মহিলাৰ ইষ্ট্ৰজেনে হৃদযন্ত্ৰক সুৰক্ষা প্ৰদান কৰে যদিও ৰজোনিবৃত্তিৰ পিছত এই সুৰক্ষা কমি যায়। এনে পৰিস্থিতিত ধূমপান কৰা মহিলাৰ হৃদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ। মহিলাৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ অন্যতম কাৰণ।

ধূমপানে মহিলাৰ প্ৰজনন ক্ষমতাতো প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত অনিয়মিত মাহেকীয়া, ডিম্বাণু নিঃসৰণৰ সমস্যা আৰু বন্ধ্যাত্বৰ সৃষ্টি হ’ব পাৰে।

ধূমপান কৰা মহিলাৰ গৰ্ভপাত আৰু অকাল জন্ম হোৱাৰ সম্ভাৱনা বেছি। ধূমপানে গৰ্ভত থকা শিশুৰ বিকাশতো বেয়া প্ৰভাৱ পেলাব পাৰে।

ধূমপানে কেৱল শাৰীৰিক স্বাস্থ্যই নহয় মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়। ধূমপান কৰা মহিলাসকলৰ হতাশা আৰু উদ্বেগ হোৱাৰ সম্ভাৱনা বেছি।

Related Articles