Breaking

ছচিয়েল মিডিয়া প্ৰসংগ

0 3,053

◆ সঞ্জয় ৰবিদাস

ছচিয়েল মিডিয়া মূলত বিশ্বৰ  মানুহক  কেন্দ্ৰ কৰি গঠিত এক প্লেটফৰ্ম । মানুহেই ছচিয়েল মিডিয়াৰ ব্যৱহাৰ তথা পৰিচালনা কৰে । ছচিয়েল মিডিয়া অৰ্থাৎ সামাজিক মাধ্যম জনগণৰ মাজত যোগাযোগ, চিন্তা-চৰ্চা,প্ৰতিভা ,মনোৰঞ্জন ,তথ্য,সংবাদ,সুখ-দুখৰ ভাগবতৰা কৰিব পৰা এক উমৈহতীয়া বিশ্ব মঞ্চ ।পৃথিৱীজুৰি ইয়াৰ ব্যাপ্তি । ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব পৰা ডিজিটেল আহিলাসমূহ হ’ল মোবাইল, আইফোন,কম্পিউটাৰ ,লেপটপ ইত্যাদি । এইসমূহ আহিলাত ইণ্টাৰনেট সংযোগৰ লগে লগে আপুনি আপোনাৰ একাউণ্টৰ মাধ্যমেৰে  যুক্ত হৈ পৰে ছচিয়েল মিডিয়াৰ বহল পৃথিৱীখনৰ লগত । বিশ্বত ৩.৮১ বিলিয়ন ছচিয়েল মিডিয়াৰ ব্যৱহাৰকাৰী আছে । ই পৃথিৱীৰ ৪৯% জনসংখ্যাক সামৰি লয় ।ইয়াৰ প্ৰায় প্ৰতিজন ব্যক্তিৰেই আঠটাতকৈ অধিক বেলেগ বেলেগ ছচিয়েল মিডিয়াৰ একাউণ্ট আছে ।যেনে  ফেচবুক, টুইটাৰ, লিংকড ইন,ইনষ্টাগ্ৰাম,স্নেপচাট,পিন্টাৰেষ্ট,ৰেড্ডিট ইত্যাদি । ব্যৱহাৰকাৰীসকলে গড়ে প্ৰতিদিনে আঢ়ৈ ঘণ্টাকৈ ছচিয়েল মিডিয়া ব্যৱহাৰ কৰে বুলি তথ্যত প্ৰকাশ ।ভাৰতত ব্যৱহাৰকাৰীৰ সংখ্যা   ৩৫১.৪ মিলিয়ন ।চাবলৈ গ’লে দেশৰ গৰিষ্ঠসংখ্যক নাগৰিকেই ছচিয়েল মিডিয়া ব্যৱহাৰ কৰে । কয়লা খনিৰ শ্ৰমিকৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী , ৰাষ্ট্ৰপতিলৈকে সকলোৱে ফেচবুকৰ দৰে জনপ্ৰিয় সামাজিক গণ মাধ্যমৰ ব্যৱহাৰকাৰী ।

ফেচবুক,ইনষ্টাগ্ৰাম , টুইটাৰ,ইউটিউব আদি হ’ল সৰ্বাধিক জনপ্ৰিয় ছচিয়েল চাইট ।

          ছচিয়েল মিডিয়াত নিজৰ একোটা একাউণ্ট থকা সকলে অনায়াসে তেওঁৰ মনৰ ভাব ব্যক্ত কৰিব পাৰে ।ব্যক্তি বিশেষে অনুভৱ,প্ৰেম,প্ৰতিবাদ,সৃষ্টিশীল সাহিত্য, মনোৰঞ্জন ,সৃজনীমূলক ভিডিঅ’ ইত্যাদিৰ পয়োভৰ ঘটে ছচিয়েল মিডিয়া । ৰাজনৈতিক দলৰ নিৰ্বাচনী  প্ৰচাৰৰ এক আশীৰ্বাদ স্বৰূপ হৈ পৰিছে ছচিয়েল মিডিয়া ।চৌবিশ ঘণ্টাই প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰি  এই আধুনিক তথা কম খৰছী গণ মাধ্যমটোৰ লাভালাভ ভালকৈয়ে উঠাইছে ৰাজনৈতিক দলৰ নেতাসকলে । ফলত ফেচবুক, টুইটাৰ আদিত ৰাজনৈতিক পৰিৱেশ এটাই বাৰুকৈয়ে বিৰাজ কৰিব ধৰিছে । নিৰ্বাচনৰ সময়ছোৱাত ইয়াৰ প্ৰকোপ বাঢ়ে ।ছচিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীয়ে যিকোনো বিষয়ত  মুক্ত মনে নিজৰ মন্তব্য,সমৰ্থন বা বিৰোধিতা আগবঢ়াব পাৰে । এক অৰ্থত বাক্ স্বাধীনতাৰ মুক্ত প্ৰকাশ ঘটে সামাজিক মাধ্যমত । যিকোনো বিষয়ত ব্যৱহাৰকাৰীয়ে  ততালিকে নিজৰ  প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সুবিধা আছে গণমাধ্যমত । সেয়েহে সম্প্ৰতি ই অধিক সক্ৰিয় আৰু জনপ্ৰিয় হৈ উঠিছে । 

         ছচিয়েল মিডিয়াৰ ক্ষোভবোৰ,আন্দোলনবোৰে প্ৰতিজন ব্যৱহাৰীকে চুই যায় । কোনোজনে ইয়াৰ সমৰ্থন কৰিব পাৰে বা অন্য কোনোৱে ইয়াৰ বিৰোধিতা কৰিব পাৰে ।যিকোনো জাতীয় ইচ্ছ্যুত  চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰায়েই ছচিয়েল মিডিয়া উত্তপ্ত হৈ পৰা দেখা যায় । চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ মনোভাৱ সুস্পষ্টভাৱে পৰিষ্ফূট হয় ছচিয়েল মিডিয়াত । শাসনাধিষ্ঠিত যিকোনো চৰকাৰে বা বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত ছচিয়েল মিডিয়াৰ যোগেদি প্ৰচাৰ কাৰ্য চলাই ভোটাৰক আকৰ্ষণ কৰে ঠিকেই, কিন্তু পৰৱৰ্তী সময়ত ক্ষমতাৰ গাদীত বহি জনতাই আশা কৰা ধৰণে বা প্ৰতিশ্ৰুতিমতে কাম নকৰিলে সেই চৰকাৰৰ বিৰুদ্ধে নাগৰিকে ছচিয়েল মিডিয়াত সোচ্চাৰ হৈ পৰে,চৰকাৰ বিৰোধী  শ্লোগানেৰে ভৰাই তোলে সামাজিক মাধ্যমৰ পৃষ্ঠা । চৰকাৰৰ ন্যস্ত স্বাৰ্থ জড়িত সিদ্ধান্তৰ বিৰুদ্ধে ছচিয়েল মিডিয়াৰ সহায়ত একত্ৰিত হয় আন্দোলন,প্ৰতিবাদ । ছচিয়েল মিডিয়াত হোৱা চৰকাৰ বিৰোধী প্ৰতিটো বিক্ষোভ চৰকাৰৰ মুৰব্বী বা প্ৰতিনিধিৰো প্ৰত্যক্ষ দৃষ্টিগোচৰ হয়। সেয়েহে ছচিয়েল মিডিয়ালৈ চৰকাৰৰ বিৰাট ভয় হয় । শেহতীয়াকৈ দিহিং-পাটকাই অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰে কয়লা খননত অনুমতি দিয়াক লৈ ছচিয়েল মিডিয়া ফেচবুকত এক বিস্তাৰিত আন্দোলন চলিছিল  । বহু জনে চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰি লিখিছিল, বহুজনে হাতত দিহিং পাটকাইক সুৰক্ষা দিয়াৰ দাবীত হাতে হাতে   প্লেকাৰ্ড লৈ ফটো তুলি ফেচবুকত আপলোড কৰিছিল । লগে লগে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক তৎক্ষণাৎ দিহিং পাটকাই ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ দিয়ে । যোৱা ডিচেম্বৰ-জানুৱাৰী মাহত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আন্দোলনক গতি দিয়াত  ফেচবুকে  মুখ্য ভূমিকা পালন কৰিছিল বুলি ক’লেও ভুল কোৱা নহ’ব । অসমত  দহদিনমানলৈ চৰকাৰে  ইণ্টাৰনেট কৰ্তন কৰাটোৱেই ইয়াৰ প্ৰমাণ।  ইয়াৰোপৰি, ছচিয়েল মিডিয়াত চৰকাৰ বিৰোধী প’ষ্ট লিখাসকলো চৰকাৰৰ ৰোষত পৰে আৰু সময়ে সময়ে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া পৰিস্থিতি হয় । কেতিয়াবা ছচিয়েল মিডিয়া হৈ পৰে চৰকাৰৰ মূৰৰ কামোৰণি ।গতিকে ছচিয়েল মিডিয়াৰ প্ৰভাৱ বহুত । প্ৰতিজন মানুহেই ইয়াত কথা কয় ।     

         এটা কথা ক’বই লাগিব ছচিয়েল মিডিয়া বাতৰি কাকত বা আলোচনীৰ দৰে নহয় । ছচিয়েল মিডিয়াত কোনো সম্পাদক নাথাকে । ফলত ব্যৱহাৰকাৰীয়ে যি  মন যায় ,তাকেই লিখে । বহুক্ষেত্ৰত উগ্ৰ এচাম   ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অসংসদীয়,অশ্লীল শব্দ ব্যৱহাৰ কৰি চৰকাৰ বা জনপ্ৰতিনিধিক সমালোচনা কৰা দেখা যায় । তাত কোনোধৰণৰ সম্পাদনাৰ ব্যৱস্থা নাথাকে । বহুজনে যুক্তিহীন আৰু ভুৱা তথ্য উপস্থাপনেৰে ছচিয়েল মিডিয়াৰ অন্য ব্যৱহাৰকাৰীক বিপথে পৰিচালিত কৰাও দেখা যায় । এইবিলাক পৰিস্থিতিলৈ চাই দেশৰ উচ্চতম ন্যায়ালয়েও ক’বলৈ বাধ্য হৈ পৰিছে যে বাক স্বাধীনতা অবাধ নহয় ।শেহতীয়াকৈ ধৰ্মীয় ঘৃণা তথা সাম্প্ৰদায়িক বিষবাষ্পৰ অধিক পয়োভৰ ঘটিছে সামাজিক মাধ্যমত ।একাংশই নিজ স্বাৰ্থ সিদ্ধিৰ বাবে উচতনিমূলক বক্তব্য বিয়পাই দিয়া পৰিলক্ষিত হয় । বহুক্ষেত্ৰত কোন সঁচা,কোন মিছা বিচাৰ কৰাটো কেতিয়াবা সাধাৰণ মানুহৰ বাবে কঠিন হৈ পৰে । সেয়েহে উচতনি বা উৰাবাতৰিত ভোল নগৈ আমি সাৱধানে নিজ বিচাৰ,বিবেচনাক প্ৰাধান্য দিয়াটো উচিত ।

ফোনঃ ৬৯০১১৫৪৫৮৩

Leave A Reply