Breaking

মানৱ-হাতীৰ সহাৱস্থানত উদগনিৰ বাবে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত সৌৰ বেৰ স্থাপন আৰণ্যকৰ

0 32

অসমৰ কোকৰাঝাৰ জিলাৰ ৰাইমন ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ১৭ খন গাঁৱৰ ৮৭০ টা পৰিয়ালক মানৱ-হাতী সংঘাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে গাঁও কেইখন সামৰি প্ৰায় ১১ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ সৌৰশক্তিচালিত বেৰ স্থাপন কৰা হৈছে। অসম আৰু মেঘালয়ৰ কেতবোৰ নিৰ্দিষ্ট স্থানত মানুহ আৰু হাতীৰ মাজত বৃদ্ধি পোৱা সংঘাত প্ৰশমনৰ আহিলা হিচাপে সৌৰশক্তিচালিত বেৰ ব্যৱহাৰ কৰি মানৱ-হাতী সহাৱস্থানক উদগনি যোগোৱাৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) আমেৰিকাৰ মৎস্য আৰু বন্যপ্ৰাণী সেৱাৰ (U.S. Fish and Wildlife Service) সমৰ্থন আৰু স্থানীয় সমুদায় আৰু বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ(BTR) বন বিভাগৰ সহযোগত দুটা পৰ্যায়ত এই বেৰখন স্থাপন কৰিছে।

আৰণ্যকৰ সমল গোটে স্থাপনৰ পূৰ্বে সৌৰশক্তিচালিত বেৰৰ ৰক্ষণাবেক্ষণ আৰু নিৰীক্ষণৰ প্ৰশিক্ষণ দিয়া স্থানীয় লোকৰ গোটে এই বেৰবোৰ চোৱাচিতা কৰে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া আৰু কচুগাঁও ব্লকৰ অন্তৰ্গত ১১ খন গাঁও ক্ৰমে- টাকামপুৰ, পুলোডাবৰি, আৰাইছ’পাৰা, পূব টাকামপুৰ, শান্তিপুৰ, ভৰতপুৰ, ভৰতনগৰ-আদিবাসী বস্তি, সুশীলপুৰ, বাগানপাৰা, নেপালীপাৰা আৰু নবীন নগৰৰ ৬০০ পৰিয়ালক সুৰক্ষা দিয়াৰ বাবে সৌৰশক্তি চালিত আৰু এডাল তাঁৰযুক্ত ৬.৫০ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ বৈদ্যুতিক বেৰ স্থাপন কৰা হয়।

যোৱা ২৯ জানুৱাৰীত আৰম্ভ হোৱা বেৰ স্থাপনৰ কাম ১২ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হয়। ইয়াৰ পূৰ্বে আৰণ্যকে প্ৰথম পৰ্যায়ত যোৱা বছৰৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম প্ৰান্তৰ ছখন গাঁৱৰ ২৭০ পৰিয়ালক সামৰি ৪ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ এডাল তাঁৰযুক্ত এখন সৌৰ বৈদ্যুতিক বেৰা স্থাপন কৰিছিল। প্ৰথম পৰ্যায়ত স্থাপন কৰা বেৰখনে সামৰি লোৱা গাঁওসমূহ হৈছে- ডোম বজাৰ, হাজাৰিগুৰি, নন্দীপুৰ-১, নন্দীপুৰ-২, গ্‌ৱজানপুৰ আৰু লোটামাৰী-১।

খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ প্ৰধান এই গাঁওসমূহত সৌৰশক্তিচালিত বেৰ স্থাপন সময়ত স্থানীয় লোকসকলে বেৰৰ বাবে প্ৰয়োজনীয় খুটা আৰু শ্ৰমিক যোগান ধৰি গুৰুত্বপূৰ্ণ সহায় আগবঢ়ায়। আৰণ্যকৰ অঞ্জন বৰুৱা, জীৱন চেত্ৰী, দিবাকৰ নায়ক, বিজয় কলিতা, ৰূপম গয়াৰী আৰু ৰিপুঞ্জয় নাথক লৈ গঠিত দলটোৰ তত্ত্বাৱধানত সৌৰ বেৰা স্থাপনৰ দুয়োটা পৰ্যায় ৰূপায়ণৰ কৰা হয়।

এই দুটা পৰ্যায়ৰ পাছত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰান্তত স্থাপন কৰা সৌৰ বেৰৰ মুঠ দৈৰ্ঘ্য্য এতিয়া ১৭.০৫ কিলোমিটাৰলৈ বৃদ্ধি পালে। পূৰ্বে ডব্লিউ ডব্লিউ এফে ছখন প্ৰান্তীয় গাঁও ক্ৰমে- শান্তিপুৰ, হাদনপুৰ, গুলচিপাৰা, ৩নং ৰূপনাথপুৰ, বাথাউগুৰি আৰু টাকানপুৰৰ ২৯৮ পৰিয়ালক সামৰি ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন এখন সৌৰশক্তিচালিত বেৰ স্থাপন কৰিছিল।

Leave A Reply