Breaking

কণ কণ শিশুৰ খাদ্য আত্নসাৎ!ৰাইজৰ প্ৰতিবাদত কপিল ছয়গাঁৱৰ চাম্পুপাৰা পথাৰ

0 1,065

কণ কণ শিশুৰ খাদ্য আত্নসাৎ! ৰাইজৰ প্ৰতিবাদত কপিল ছয়গাঁৱৰ চাম্পুপাৰা পথাৰ৷গৰৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত ব্যপক অনিয়মৰ অভিযোগ৷শিশু খাদ্য চান কাঢ়ি খাইছে অংগনবাড়ী কৰ্মীয়ে৷এই অভিযোগ আমাৰ নহয়- অভিযোগ উত্থাপণ কৰিছে এইসকল পুৰুষ মহিলাই৷অভিযোগ মতে গৰৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ৩৬ নম্বৰ মধ্য চাম্পুপাৰা পথাৰ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী নুৰভানু আহমেদে সমাজ কল্যাণ বিভাগে আৱন্টন দিয়া শিশু খাদ্য দীৰ্ঘ দিন ধৰি আত্মসাৎ কৰি আহিছে৷এই ঘটনাকলৈ জাঙুৰ খাই উঠিছে অঞ্চলটোৰ শ শ পুৰুষ মহিলা৷

অতিশীঘ্ৰেই অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মীৰ বিৰুদ্ধে এক উচ্চস্তৰীয় তদন্তৰ দাবী তুলিছে৷

Leave A Reply