Breaking

ৰাজ্যিক কেবিনেটত লোৱা কিছুমান গুৰুত্বপুৰ্ণ সিদ্ধান্ত

0 1,294

৮জুলাই, বৃহস্পতিবাৰে জনতা ভৱনত কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সংবাদমেল সম্বোধন। মন্ত্ৰী গৰাকীয়ে বাখ্যা কৰা কেবিনেটৰ সিদ্ধান্ত সমূহ ক্ৰমান্নয়ে-
• নিবনুৱা যুৱক যুৱতী সকলৰ সুবিধাৰ্থে নিয়োগ বিনিময় কেন্দ্ৰ(Employment Exchange)ত শাৰী নপতাকৈ ঘৰত বহিয়ে পঞ্জীয়ন কৰিব পৰা ব্যৱস্থা প্ৰদানৰ সিদ্ধান্ত।

• অসমত স্থাপন কৰা হ’ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়। গাঁওবুঢ়া সকলক গাঁওপ্ৰধান হিচাপে নামাকৰণৰ সিদ্ধান্ত কেবিনেটৰ।

• গাঁওপ্ৰধান সকলৰ বয়স নূন্যতম ৩০ বছৰ আৰু সৰ্বোচ্চ ৬৫ বছৰ হব পাৰিব।

• প্ৰাকৃতিক দুৰ্যোগৰ ফলত একচনীয়া অথবা চৰকাৰী অবন্টন যোগ্য ভূমিত বসবাস কৰা খিলঞ্জীয়া লোক সকলক ঘৰ তথা আন চৰকাৰী সুবিধা লাভ কৰিব। অৱশ্যে বেদখলকাৰী তথা বনাঞ্চলৰ মাটিত বাস কৰা লোকে এই সুবিধাৰ পৰা বঞ্চিত হ’ব।

• চিপাঝাৰত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে বিধায়ক পদ্ম হাজৰিকা দেৱৰ নেতৃত্বত কৃষি কাৰ্য্য কৰিবলৈ লোৱা ৭৭ হাজাৰ বিঘা ভূমিৰ সমীপত অৱস্থিত ঢলপুৰ শিৱ মন্দিৰক পৰ্যটন স্থলীলৈ পৰ্যবেক্ষিত কৰি সংৰক্ষণ কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষক ১৮০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত।

• এটা গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ হিচাপে পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগক আৰু প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগক সংযোজন কৰাৰ সিদ্ধান্ত গ্ৰহণ।

• এতিয়াৰে পৰা জলসিঞ্চন বিভাগৰ চিভিল,ইলেক্ট্রিকেল আৰু মেকানিকেল বিভাগক সংযোজন কৰা হ’ব। লগতে ডিভিজন সমূহ সমষ্টি কেন্দ্ৰিক হ’ব। যাৰ দ্বাৰা প্ৰজেক্ট সমূহ সোনকালে সম্পূৰ্ণ কৰি অসমৰ কৃষক সকলক উপকৃত কৰিব পৰা যাব।

• গো সুৰক্ষাৰ সন্দৰ্ভত অতিশীঘ্ৰে কঠোৰ আইন প্ৰণয়নৰ সিদ্ধান্ত কেবিনেটৰ।

• ৰাজ্যৰ সীমান্তবৰ্তি অঞ্চল সমূহত অন্য ৰাজ্যৰ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা অপ্ৰীতিকৰ ঘটনাৰ পাছত দুষ্কৃতিকাৰী সমূহে অসমৰ বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে নিজৰ ৰাজ্যত মোকর্দমা কৰিলে তাৰ সমূহ খৰছ অসম চৰকাৰে বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ।

Leave A Reply