Breaking

কাঁহিকুছিত মহিলাৰ দক্ষতা বিকাশ প্ৰশিক্ষণৰ বুজ ললে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

0 2,013

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি )  অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে  ২৫ দিনীয়া এক  দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী । প্ৰশিক্ষণ কাৰ্যসূচীত , চৰাইদেউ  আৰু  শিৱসাগৰ জিলাৰ ২৫ জনী নিৰ্বাচিত  যুৱতী –  মহিলাই ভাগ লৈছে । কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত , সূতা ৰং কৰা পদ্ধতি , সাজ পোচাক তৈয়াৰ কৰা , বেগ বনোৱা আদিৰ প্ৰশিক্ষণ দিয়া হৈছে ।  প্ৰশিক্ষণ কাৰ্যসূচীৰ ১৮ অক্টোবৰত সামৰণি পৰিব ।  । আনহাতে চৰাইদেউ  জিলাৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে  ৫ অক্টোবৰত এছ আই পি আৰ ডি চৌহদলৈ আহি  মহিলা সকলৰ প্ৰশিক্ষণ কাৰ্যৰ বুজ লয় । বিধায়ক কোঁৱৰক সংগ দিয়ে  উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জুৰাণী গগৈ , এছ আই পি আৰ ডিৰ  অধীনৰ ই টি চিৰ অধ্যক্ষ  লালৰেম চিয়ামী , উপ সঞ্চালক অনুপম দত্ত আৰু নৱজ্যোতি কোঁৱৰ , ফেকাল্টি সদস্যত্ৰয় ডঃ ৰিদীপ বৰা , মনোৰঞ্জন চৌধুৰী আৰু গীতাশ্ৰী দাস , প্ৰশিক্ষণৰ  তত্বাৱধায়কদ্বয় আৰু ই টি চিৰ গাণনিক হেমেন বৈশ্য আৰু মনজিৎ পাঠকে । আনহাতে বিধায়ক কোঁৱৰে প্ৰশিক্ষণত  ভাগ লোৱা মহিলা সকলৰ সৈতেও মত বিনিময় কৰাৰ লগতে তেওঁলোকে প্ৰশিক্ষণত লাভ কৰা অভিজ্ঞতাৰে আগন্তক দিনত যাতে আত্মনিৰ্ভৰশীল হব পাৰে তাৰ কামনা কৰে ।

Leave A Reply