Breaking

সোণতলীত হত্যাকাণ্ড : পুৰুষ-মহিলাসহ পাঁচজনক আটক ৷

0 1,448

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী :  দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত তথা সোণতলী আৰক্ষী চকীৰ অধীনস্থ টাঙনমাৰীত সংঘটিত হৈছে লোহমৰ্ষক হত্যাকাণ্ড ৷ টাঙনমাৰী গাঁৱৰ ছোৰহাব আলী আৰু ছামছুল হকৰ মাজত প্ৰথম অৱস্থাত সামান্য কথাত কাজিয়াৰ সুত্ৰপাত হয় ৷ পিছত ছোৰহাব আলীয়ে আত্মীয় সহ দলে বলে হাতে হাতে খুকুৰী, দা, ডেগাৰ আদি চোকা অশ্ৰলৈ ছামছুল হকৰ ঘৰত গৈ আক্ৰমন কৰে ৷ ছোৰহাব আলীৰ প্ৰায় দহজনীয়া দলৰ চোকা অশ্ৰৰ আঘাতত ছামছুল হক চোতালতে ঢলি পৰে ৷ ইফালে ছামছুল হকক চুবুৰীয়াৰ লোকে উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহে যদিও আক্ৰমনকাৰী দলে বাধা প্ৰদান কৰে ৷ ঘটনা সম্পৰ্কে স্থানীয় লোকে সোণতলী আৰক্ষীক অৱগত কৰোৱাত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ উপৰিও চুবুৰীয়াৰ সহযোগত মুমূৰ্ষ অৱস্থাত ছামছুল হকক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি ছামছুল হকক মৃত হোৱা বুলি ঘোষণা কৰে ৷ এই ঘটনাৰ লগত জড়িত পুৰুষ মহিলা সহ পাচঁজনকৈ লোকক সোণতলী আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন লোক কেইজন ক্ৰমে ছোৰহাব আলীৰ পুত্ৰ ৰবিউল হুছেইন, আজিজুল হক, ছোৰহাবৰ স্ত্ৰী নবিৰণ নেছা,  পুত্ৰ বোৱাৰী ছাইৰুণ নেছা, নুৰজাহান বেগম ৷ আনহাতে ছোৰহাব আলীৰ পুত্ৰ শ্বিৰাজুল হক সহ আন কেইবাজনো ব্যক্তি পলাতক অৱস্থাত আছে ৷সোণতলী আৰক্ষীয়ে মৃত ছামছুল হকৰ মৰণোত্তৰ পৰীক্ষাৰ GMCH পঠোৱাৰ যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে ৷

Leave A Reply