Breaking

সোণতলী আঞ্চলিক মহাবিদ্যালয়ত চৰম অৰাজকতা, অধ্যক্ষৰ বিৰুদ্ধে সংবাদমেল সভাপতি, সহ অধ্যাপকৰ

0 76

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলীঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ আবুল কালাম আজাদৰ বিৰুদ্ধে দেওবাৰে মহাবিদ্যালয় খনৰে জিবিৰ সভাপতি আৰু অধ্যাপকে এখনি যুটীয়া সংবাদ মেল আয়োজন কৰে৷ অধ্যক্ষ আবুল কালাম আজাদে মহাবিদ্যালয়খনৰ বিভিন্ন শিতানৰ লাখ লাখ টকা আত্মহাত কৰাৰ অভিযোগ কৰি উক্ত সংবাদ মেলত৷

সংবাদ মেলত  মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক নৌশাদ আলী আহমেদ আৰু পৰিচালনা সমিতিৰ সভাপতি নুৰুল আমিন ভূঞাই সংবাদমেলত কয় যে ২০১৩ চনত সোণতলী আঞ্চলিক মহাবিদ্যালয়খন প্রাদেশিকীৰণ হয় যদিও দুর্ভাগ্যজনকভাৱে অধ্যক্ষৰ পদ প্রাদেশিকীৰণ নহ’ল। ফলত উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ নিৰ্দেশমৰ্মে চিঠি নং-AHE98/2014/2 Date-12/03/14 যোগে মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক নৌশাদ আলী আহমেদক সদস্য, বিত্তীয় দিশ তদাৰকৰ বাবে দায়িত্ব অর্পণ কৰি ডি ডি অ’ হিচাপে নিযুক্তি দিয়ে৷

আনহাতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ আবুল কালাম আজাদে বিগত ২০১৪ চনৰ পৰা ১৬ চনলৈ চৰকাৰী নির্দেশনাক কার্যকৰি নকৰি নিজেই বিত্ত বিভাগৰ দায়িত্ব চলাই আহিছে৷ মহাবিদ্যালয়ৰ ডি ডি অ’ৰ দায়িত্বভাৰ ৩ মাহৰ মূৰে মূৰে বৃদ্ধি কৰাৰ লগতে উন্নয়নৰ যাৱতীয় কাম ডি ডি অ’ই পৰিচালনা কৰিব লাগে বুলি পৰিচালনা সমিতিয়ে লোৱা প্ৰস্তাৱৰ কার্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে অধ্যক্ষগৰাকীয়ে।

আনহাতে শিক্ষকসকলৰ দৰমহা, জৰুৰী সমস্যাৰ বাবে যোৱা ২১ মাৰ্চত মহাবিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক গোটৰ যুটীয়া বৈঠকত ডি ডি অ’ৰ কার্যকাল পৰৱর্তী ৩ মাহৰ বাবে লোৱা প্ৰস্তাৱো অধ্যক্ষগৰাকীয়ে কার্যকৰী কৰাৰ কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ চৰকাৰৰ এম এছ ডি পি আৰু ইউ জি চি আঁচনিৰ কামৰ দায়িত্ব ডি ডি অ’ক দিয়াৰ পিচতো তাক অধ্যক্ষই কার্যকৰী নকৰি পৰিচালনা সমিতি আৰু নির্মাণ কমিটিক অন্ধকাৰত ৰাখি নিজ খেয়ালখুঁচিমতে চলাই আহিছে৷

শেহতীয়াকৈ উচ্চ শিক্ষা বিভাগে PC/HE/MISC/112/2019/47 নং নির্দেশযোগে কলেজৰ যাৱতীয় নথিপত্ৰ ডি ডি অ’ক হস্তান্তৰ কৰিবলৈ নির্দেশ দিয়ে যদিও অধ্যক্ষই তাক বর্তমানলৈকে কার্যকৰী কৰা নাই৷ আনহাতে Assam Education Provinsilisation of Services of Teacher’s and Recognisation of Educational Institutions Bill-2017ত উল্লেখ কৰামতে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব দি কলেজখন সুচাৰুৰূপে চলাই নিয়াৰ বাবে বৰ্তমানৰ ডি ডি অ’ তথা কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মাধৱ চন্দ্ৰ ডেকাই পৰিচালনা সমিতিক দিয়া পৰামৰ্শ অনুযায়ী বিগত ৮ মাহে জ্যেষ্ঠ অধ্যাপক নৌশাদ আলী আহমেদে ডি ডি অ’ৰ কাৰ্যকালত যাৱতীয় বিত্তীয় হিচাপ-নিকাচ জিবি আৰু নিৰ্মাণ কমিটিৰ নিৰ্দেশমতে পৰিচালনা কৰা বুলি সংবাদমেলত উল্লেখ কৰে৷

আনকি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° আবুল কালাম আজাদে বিগত ৩৩টা বছৰ ধৰি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ পৰা আলোচনীৰ নামত ধন সংগ্ৰহ কৰি আহিছে যদিও আজিলৈকে আলোচনী প্ৰকাশ নকৰি লাখ লাখ টকা আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জিবিৰ সভাপতি নুৰুল আমিন ভূঞাৰ লগতে অধ্যাপক নৌসাদ আলীয়ে৷ 

Leave A Reply