Breaking

প্ৰকাশ পালে SOP; ঈদক লৈ কি নতুন নিদেৰ্শনা SOPত?

0 2,064

ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি ঘোষণা কৰা নতুন SOP অহা মঙলবাৰ (২০ জুলাই/২০২১)ৰ পুৱা ৫ বজাৰ পৰা এসপ্তাহলৈ প্ৰযোজ্য হ’ব।➡️ মৰিগাঁও আৰু গোৱালপাৰা জিলাত লকডাউন শিথিল কৰি দুপৰীয়া ১২ বজালৈকে সকলো কাৰ্যালয় আৰু দোকান, জিলাৰ ভিতৰত পৰিবহন তথা যাতায়াত ব্যৱস্থা মুকলি থাকিব। দুপৰীয়া ১ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন। গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফলমূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা থাকিব।➡️ জিলাত বিয়লি ৪ বজালৈকে খোলা থাকিব সকলো কাৰ্যালয়, দোকান, জিলাৰ ভিতৰত পৰিবহন তথা যাতায়াত ব্যৱস্থা। বিয়লি পাঁচ বজাৰ পৰা ৰাতিপুৱা পাঁচ বজালৈ সান্ধ্য আইন।➡️ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত মছজিদ-ঈদগাহত মাথো ৫গৰাকী লোকক ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে।➡️ পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব।➡️ পৰৱৰ্তী ঘোষনা পৰ্যন্ত ৰাজ্যত যান বাহন চলাচলৰ ক্ষেত্ৰত Odd/Even ব্যৱস্থা বাহাল থাকিব।

Leave A Reply