Breaking

নেডাৰলেণ্ডৰ হাতত হাৰি বিশ্বকাপৰ পৰা বিদায় দক্ষিণ আফ্ৰিকাৰ ! ছেমি ফাইনেলত প্ৰৱেশ ভাৰত…

0 85

টী-২০ বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ খেলত আন্তৰ্জাতিক ক্ৰিকেটত শিশু হিচাপে পৰিচিত নেদাৰলেণ্ডৰ হাতত পৰাজিত হ’ল শক্তিশালী দক্ষিণ আফ্ৰিকা। গ্ৰুপ পৰ্যায়ত তেওঁলোকৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকা নেডাৰলেণ্ডৰ হাতত ১৩ ৰাণত পৰাজিত হয়। ফলস্বৰূপে, প্ৰতিযোগিতাখনৰ আৰম্ভণিতে অপ্ৰতিৰোধ্য যেন লাগি থকা দক্ষিণ আফ্ৰিকা ছেমি ফাইনেলৰ দৌৰৰ পৰা প্ৰায় বাহিৰ হৈ গ’ল। এতিয়া অন্তিম চাৰিটা স্থানত ভাৰতৰ খেলাটো নিশ্চিত হৈ পৰিল।

দক্ষিণ আফ্ৰিকাই টছত জিকি দেওবাৰে আইচিচি টি-২০ বিশ্বকাপৰ খেলখনত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি নেডাৰলেণ্ডে ৪ উইকেটৰ বিনিময়ত ১৫৮ ৰাণ সংগ্ৰহ কৰে। দলটোৰ প্ৰথম চাৰিজন বেটছমেনে ভাল প্ৰদৰ্শন কৰিছিল। অৱশ্যে একাৰমেনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ মাত্ৰ ২৬ টা বলত ৪১ ৰাণ কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকা মাত্ৰ ১৪৫ ৰাণত স্তব্ধ হৈ পৰে। চাপৰ সন্মুখীন হৈ, কোনো এগৰাকী বেটছমেনে মূৰ দাঙি উঠিব নোৱাৰিলে। দক্ষিণ আফ্ৰিকা ১৩ ৰাণত পৰাজিত হয়।

যদি দক্ষিণ আফ্ৰিকা জিকিলেহেঁতেন তেওঁলোকে ছেমি ফাইনেললৈ গ’লহেঁতেন। তেনে ক্ষেত্ৰত ভাৰতে আজি জিম্বাবোৱেৰ বিৰুদ্ধে জয়ী হ’বই লাগিলেহেঁতেন। আকৌ, পাকিস্তান  আৰু বাংলাদেশ বিশ্বকাপৰ পৰা প্ৰায় বাহিৰ হৈ গ’লহেঁতেন। কিন্তু দক্ষিণ আফ্ৰিকা নেডাৰলেণ্ডৰ হাতত পৰাজিত হৈ সকলো সমীকৰণ সলনি কৰি দিলে। তেওঁলোক ৫ খন খেলত ৫ পইণ্টত আবদ্ধ হৈ ৰ’ল। ফলস্বৰূপে যদি বৰষুণৰ বাবে বাংলাদেশ বনাম পাকিস্তানৰ খেলখন বাতিল নহয়, তেন্তে দক্ষিণ আফ্ৰিকাৰ ছেমি ফাইনেলত খেলাৰ কোনো সম্ভাৱনা নাথাকিব।

ইপিনে, দক্ষিণ আফ্ৰিকাৰ পৰাজয়ে ভাৰতৰ ছেমি ফাইনেল নিশ্চিত কৰে। ৪ খন খেলত ভাৰতৰ সংগ্ৰহ ৬ পইণ্ট। ভাৰতে শেষ মেচখনত জিম্বাবোৱেৰ হাতত পৰাজিত হ’লেও গ্ৰুপ-২ত কমেও দ্বিতীয় স্থান লাভ কৰি ছেমি ফাইনেললৈ যাব। আনহাতে, পাকিস্তান আৰু বাংলাদেশে বিশ্বকাপৰ ছেমি ফাইনেলত খেলাৰ পথ মুকলি হৈছে। ইয়াৰে যিটো দলে এই মেচখন জিকিব তেওঁলোকে ৫খন মেচৰ পৰা ৬ পইণ্ট লৈ ছেমি ফাইনেললৈ যাব।

Leave A Reply