Breaking

ওৰাং,মাজবাট,ৰৌতাত গৰ্ভৱতী মহিলাৰ বিশেষ স্বাস্থ্য পৰীক্ষন

0 1,270

ওদালগুৰি জিলাৰ জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে  ১৬ জুলাইৰ পৰা ৩১ জুলাই লৈকে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ গৰ্ভৱতী মহিলা বিশেষ স্বাস্থ্য পৰীক্ষণ পষেক কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে ।  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত  গৰ্ভবতী মাতৃৰ বিশেষ স্বাস্থ্য পৰীক্ষন পষেকৰ  উপলক্ষে ১৬ জুলাইত মেৰাবিল ,বালিগাওঁ পানবাৰী স্বাস্থ্য কেন্দ্ৰ আৰু কল্যান কেন্দ্ৰ আৰু মাজবাটৰ বাহিপুখুৰী  চাহ বাগিচা চিকিৎসালয়ত গৰ্ভৱতী মাতৃ সকলৰ বিশেষ স্বাস্থ্য পৰীক্ষা কৰা হয় । মেৰাবিল স্বাস্থ্য আৰু পৰিয়াল কেন্দ্ৰত ৪০ গৰাকী গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । এই বিশেষ স্বাস্থ্য  প্ৰশিক্ষণত গৰ্ভৱতী মাতৃ সকলৰ ওজন ,হিমগ্লবিন ৰক্তচাপ আদি পৰীক্ষা কৰা হয় । এই কাৰ্য্যসূচীত সামূহিক স্বাস্থ্য বিষয়া জয়া বৰুৱা , পাৰ্থজিৎ ৰয় , এ এন এম কাশ্মীৰি গোস্বামী , এচ ডব্লিউ বিজু ডেকা , আশা কর্মী ক্ৰমে-ৰাধিকা দেৱী , তাৰা দেৱী,ৰণ মায়া দেৱী,দিপিকা দেৱী,সবিতা দাস,হিমা গিৰি উপস্থিত থাকি উক্ত কাৰ্য্যসূচী ৰূপায়ণ কৰে । সেইদৰে বালিগাঁও ,পানবাৰী , স্বাস্থ্য আৰু কল্যাণ  কেন্দ্ৰতো  ৫০ গৰাকী  গৰ্ভৱতী মাতৃৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । এই স্বাস্থ্য কেন্দ্ৰটোৰ কাৰ্য্যসূচী ৰূপায়নত সামূহিক স্বাস্থ্য বিষয়া ক্ৰমে  জিম্পী  শইকীয়া ,  নৰ্মদা ডেকা ,   ৰূপজ্যোতি দাসৰ লগতে  এ এন এম -ক্ৰমে  হিমাক্ষী চহৰীয়া ,আৰু সংগীতা দাস ,অনিমা বসুমতাৰী , এচ ডব্লিউ গৌহমচা দৈমাৰী , আশা চুপাৰ ভাইজাৰ প্ৰিয়া প্ৰভা ডেকা , আশা কৰ্মী বিবাৰী বসুমতাৰী ,বিহেশ্বৰী দৈমাৰী, মল্লিকা বেগম ,ৰহিলা বেগম ,মামণি দৈমাৰী,নিজুংশ্ৰী দৈমাৰী  আদি উপস্থিত থাকি সহযোগিতা আগবঢ়াই ।সেইদৰে বাহিপুখুৰী চাহ বাগিচাত  ১৬জুলাইত  ৩৩ গৰাকী গৰ্ভৱতী মাতৃক বিশেষ ভাবে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে কৰোণা, এইছ আই ভি টেষ্ট আৰু ডায়েবেটিচৰো পৰীক্ষা কৰা হয় । এই কাৰ্য্যসূচীত ৰূপায়নত সহায় সহযোগিতা আগবঢ়াই ডাঃ উপেন ডেকা ,ডাঃ কে পি মিশ্ৰ ,ফাৰ্মাচিষ্ট কে চি ব্ৰহ্ম, এ এন এম নিৰুপমা চহৰীয়া,হেলৰ্থ এচিচটেণ্ট চিবেশ গোৱালা , এ এন এম নিতা দেৱী ,মহিমা কুৰ্মী ,থিপলিং বড়ো ,আশা চুপাৰ ভাইজাৰ ববি  তিগ্গা,আশা কৰ্মী ক্ৰম -আছিচন হেৰেঞ্জ, বেদৱন্তী ৰজক, যশোদা লাকড়া, মমি গৌড় আৰু  সন্ধ্যা তাঁতিয়ে ।উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ উপায়ুক্ত ডাঃ পি উদয়ন প্ৰবীনে যোৱা ১১ জুলাইত ওৰাঙৰ কলাগুৰু বিষুৰাভা স্নাতক মহাবিদ্যালয়ত  অনুষ্ঠিত পৰ্য্যালোচনা সভাত উচ্চ শংকাজনিত গৰ্ভৱতী মহিলা সন্দৰ্ভত আলোকপাত কৰি বিষয়টো গুৰুত্ব ভাবে গ্ৰহণ কৰে । ১২ জুলাইত বেটিবাৰী চাহ বাগিচাৰ চিকিৎসালয় পৰিদৰ্শন কৰি ২৯ গৰাকী গৰ্ভৱতী মাতৃৰ ৬ গৰাকী উচ্চ  শংকাজনিত মহিলা চিনাক্ত কৰা হয় ।সেয়ে ওৰাং স্বাস্থ্য খণ্ডৰ অধীনস্থ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ সু স্বাস্থ্য ,সঠিক পুষ্টি ইত্যাদি সুনিশ্চিত কৰিবলৈ গৰ্ভৱতী মহিলাৰ স্বাস্থ্য প্ৰশিক্ষণ পষেক   মাহটোৰ ভিতৰতে অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় । স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে ২৮০০ ৰ পৰা ৩০০০ হেজাৰ গৰ্ভৱতী মাতৃৰ প্ৰতি গৰাকীক সামৰি লোবা হব  বুলি  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপি এম পংকজ সভাপণ্ডিতৰ পৰা জানিব পৰা যায় ।

Leave A Reply