Breaking

জিম যোগ কেন্দ্ৰসমূহলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা

0 1,295

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজ্যত ৫ আগষ্টৰ পৰা খুলিব জিম আৰু যোগ কেন্দ্ৰসমূহল, এই বিষয়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে৷ নিৰ্দেশনা উল্লেখ থকা অনুযায়ী ৬৫ ৰ উৰ্দ্ধৰ ব্যক্তি, ৰুগীয়া ব্যক্তি, গৰ্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ ল’ৰা ছোৱালী শৰীৰ চৰ্চাৰ পৰা বিৰত থাকিব লাগিব লগতে কেন্দ্ৰসমূহৰ বিষয়ববীয়াই ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে সকলো নীতি-নিৰ্দেশনা মানি চলিব লাগিব। 
ইয়াৰ ভিতৰত মূখ্য বিষয়সমূহ-
ক) জিম আৰু যোগ কেন্দ্ৰ সমূহত সকলোৱে ৬ ফুট দূৰত্ব মানি চলিব লাগিব ৷
খ) শাৰীৰিক ব্যায়ামৰ সময়ত সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷
গ) পৰিস্কাৰ হৈ থাকিলেও কিছু সনয়ৰ অন্তৰে অন্তৰে হাত ধোৱাটো প্ৰয়োজন লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰাটোও বাধ্যতামূলক৷ হাঁচি, কাহ অহাৰ পিছত ব্যৱহাৰ কৰা ৰুমাল, টিছু একাষৰীয়াকৈ ডাষ্টবিনত পেলাব লাগিব।

আনহাতে সকলোকে “আৰোগ্য সেতু”এপ ডাউনলোড কৰিবলৈ আহ্বান কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে ৷

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

Leave A Reply