আধ্যাত্মক পাহৰি যোৱাটো মানৱতাৰ বাবে অভিশাপ

0 21

ভৌতিক বিকাশৰ লগে লগে আধ্যাত্মৰো বিকাশ হ’ব লাগে, নহ’লে সন্তুলন নেথাকে ৷ আধ্যাত্মৰ অবিহনে ভৌতিক বিকাশ আধৰুৱা হৈ থাকে যাৰ বাবে সময়ে – সময়ে সমাজত বিশৃংখলতা , দুৰ্যোগ আদি আহি পৰে ৷ সকলো বস্তু সম্পূৰ্ণ থাকিলেও মানুহে মনত শান্তি নাপায়, দুখত ম্ৰিয়মাণ হৈ পৰে ৷ সংসাৰত যিমান কৰিলোঁ , একো কামত নহা হ’ল ৷ ভাবিছিলো সাংসাৰিক জীৱনত কামত আহিব , কিন্তু দুখৰ কাৰণ হৈ পৰিল ৷ এই বুলি মানুহে খেদ প্ৰকাশ কৰি দুখ কৰে ৷ সেয়ে আমি মায়াৰ পাশত আৱদ্ধ হ’ব নালাগে, আমি মায়াকহে নচুৱাব লাগে ৷
    এনে এটা সময় আছিল যেতিয়া আমি ধৰ্মক, আধ্যাত্ম জ্ঞানক বুজিছিলো আৰু জ্ঞানীৰ দৰে কৰ্ম কৰিছিলোঁ ৷ কিন্তু আজি এনে এক পৰিস্থিতিৰ সন্মুখীন হ’লোঁ যে সকলোৱে আমাক বিশ্বাসঘাতকতা কৰিছে ৷ মানৱ শৰীৰো ৰৈ নেথাকিল, ইও দিনকদিনে বিদায় ল’ব ধৰিছে ৷ সময় বাগৰি গৈ আছে , সময়েই কাল হৈ পৰিল, ই আমাক শেষ কৰিহে এৰিব ৷ সেইবাবে সময় থাকোঁতে শৰীৰৰ ভিতৰত থকা শক্তিক জানি ল’ব লাগে ৷ এই শক্তিয়ে সকলোকে নচুৱাই আছে ৷ ই কি শক্তি ? What is the energy ? Which is making us alive through which we are in action.
     আমাৰ ধৰ্ম শাস্ত্ৰই কৈছে – ই হ’ল পৰমাত্মাৰ শক্তি আত্মা ৷ এই আত্মাৰ জ্ঞান অবিহনে মানুহে নিজেই নিজক চিনি নাপায়, আনক কি চিনি পাব বা পৰমাত্মাক কেনেকৈ চিনি পাব? ধৰ্ম শাস্ত্ৰত এই আত্মাৰ বিষয়ে ব্যাখ্যা কৰি থোৱা আছে , কিন্তু আত্মা আমাৰ ভিতৰত আছে ৷ সেয়ে আমি নিজ হৃদয়ত অনুসন্ধান কৰিব লাগে ৷ আধ্যাত্মই আত্মাৰ জ্ঞান দিয়ে ৷ এই আধ্যাত্মক পাহৰি যোৱাটো মানৱতাৰ বাবে অভিশাপৰ বিষয় ৷
     আমি দোকান, বজাৰলৈ যাওঁ প্ৰয়োজনীয় বস্তু কিনিবৰ বাবে৷ যদি বজাৰলৈ গৈ একো নিকিনাকৈ খালি হাত, খালি মোনাৰে উভতি ঘৰলৈ আহো, তেন্তে বজাৰলৈ এনেয়ে যোৱা হ’ল , কামত নাহিল ৷ সেইদৰে আমি মনু্ষ্য জন্ম লৈ সংসাৰৰ বজাৰলৈ আহিছো কিবা এটা প্ৰাপ্ত কৰিবলৈ ৷ যদি একো নোলোৱাকৈ ঘূৰি যাওঁ তেনেহ’লে অহাৰ সাৰ্থকতা নেথাকিব ৷ হয়তো মাতৃ গৰ্ভৰ কথা পাহৰি যাব পাৰোঁ ৷ সংসাৰলৈ সন্ত মহাপুৰুষো আহে,তেওঁলোকক সুধি ল’ব পাৰোঁ ৷ তেওঁলোকে সোঁৱৰাই দিব কি উদ্দেশ্য আৰু কি প্ৰাপ্ত কৰিবৰ বাবে সংসাৰলৈ আহিছোঁ ৷ সেয়ে সংসাৰত সন্ত -মহাপুৰুষ বিচাৰিব লাগে আৰু মানৱ জীৱনৰ উদ্দেশ্যক প্ৰাপ্ত কৰিব লাগে ৷

– পংকজ কুমাৰ দাস

লেখকৰ ঠিকনা: ভকত পমুৱা,যোৰহাট,

ফোন:৬০০৩১৫৯০৪৮