Breaking

মহাৰাষ্ট্ৰত ৰাজহুৱা স্থানত থু পেলোৱা, ধূমপান কৰাত নিষেধাজ্ঞা ।

0 51

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা :

মাৰাত্মক ক’ৰোনা ভাইৰাছ ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মহাৰাষ্ট্ৰৰ মহা বিকাশ আগাদি চৰকাৰে ৰাজহুৱা স্থানৰ য’তে ত’তে থু পেলোৱা, ধূমপান কৰা বা নাকেৰে খেকাৰ পেলোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ চৰকাৰে এই সন্দৰ্ভত জাৰি কৰা জাননী মতে এই অপৰাধত ছমাহৰ পৰা দুবছৰ পৰ্যন্ত কাৰাবাসখাতিব লাগিব ৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সংক্ৰামক ৰোগ ৰোধৰ আইন ১৮৯৭ অনুসৰি আৰু ভাৰতীয় দণ্ডবিধি আইনৰ মতে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ক’ভিড-১৯ সংক্ৰমণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইয়াৰ উপৰি ৰাজ্য চৰকাৰে ইতিমধ্যে বম্বে আৰক্ষী আইন মতে থু পেলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ চিগাৰেট আৰাু আন ধঁপাত সামগ্ৰী আইন ২০০৩ মতে ধূমপান কৰা, উৎপাদন, মজুত, বিতৰণ, কঢ়িয়াই নিয়া আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই অপৰাধৰ বাবে ১০০০ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব ৷

Leave A Reply