Breaking

দেশ তথা ৰাজ্যৰ মঙ্গলৰ বাবে শালমাৰা বামুন্দি সত্ৰত শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ

0 61

দেশ তথা ৰাজ্যৰ মঙ্গলৰ বাবে কামৰূপ জিলাৰ শালমাৰা বামুন্দি সত্ৰত শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ কাৰ্যসূচী ৰূপায়ণ ৷শালমাৰাৰ ঐতিহাসিক বামুন্দি সত্ৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠান ।

বামুন্দি সত্ৰ পৰিচালনা সমিতি আৰু শালমাৰাৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক শ্ৰীশ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানৰ শনিবাৰৰ কাৰ্যসূচীত পুৱা বন্ত্বি প্ৰজ্জ্বলন কৰে কৃপামনি দেৱ গোস্বামীয়ে ৷

শ্ৰীশ্ৰীমদ্ভাগৱত স্থাপন কৰে তিলক নাথ মহন্তই । ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰনেতা তথা সমাজকৰ্মী বনজিৎ ডেকাই ৷ ধৰ্মধ্বজা উত্তোলনৰ পিছতে শ্ৰীশ্ৰীমদ্ভাগৱত পাঠৰ শুভাৰম্ভ কৰে যাদৱ গোস্বামীয়ে । দেওবাৰে দৈব্য দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া ধৰ্মালোচনী সভাৰে সামৰণি পৰে ।

Leave A Reply