Breaking

জীৱ-জগত কল্যানাৰ্থে তৰাবাৰীত শ্ৰী শ্ৰী মহা বিষ্ণু জগন্নাথ যজ্ঞ। আহ্বায়ক সমিতি গঠন…

0 86

বৰ্তমান সমাজত চলি থকা হিংসা-অসূয়া, অপ্ৰীতি নাশ কৰি শান্তি আৰু ভ্ৰাতৃত্ববোধ স্থাপন তথা জীৱ- জগতৰ কল্যানাৰ্থে ওদালগুৰি জিলাৰ অন্তৰ্গত তৰাবাৰী শ্ৰী শ্ৰী বাসুদেৱ বুঢ়া- গোঁসাই জগন্নাথ থানা আৰু শুভদ্ৰা মন্দিৰ প্ৰাংগণত ৰবিবাৰে এখন যজ্ঞ অনুষ্ঠিত হৈ যায়।কাৰ্যসূচী মতে পুৱা পানী তোলা কাৰ্যসূচীৰ পিছতে ৮ বজাত যজ্ঞ আৰম্ভ আৰু আয়তী সকলৰ নাম প্ৰসংগ অনুষ্ঠিত হয়।

১২ বজাত অনুষ্ঠিত হয় যজ্ঞ পূর্ণাহুতি প্ৰদান আৰু নিৰ্মালি গ্ৰহণ।আনহাতে যজ্ঞ পৰিচালনা কৰে ওদালগুৰি জিলা দেৱালয় সংঘৰ সভাপতি গোপাল দেৱ শৰ্মাই।দিনৰ ১ বজাত অনুষ্ঠিত হয় ৰাজহুৱা সভা।উক্ত সভাতে আগন্তক হবলগা বৃহত্তৰ অঞ্চলক লৈ হব লগা যজ্ঞৰ উদযাপন আৰু মন্দিৰ নিৰ্মাণৰ কাৰণে আহ্বায়ক সমিতি গঠন কৰা হয়।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply