Breaking

শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা সত্ৰৰ ভূমি বেদল হোৱাৰ অভিযোগ….

0 292

বিভিন্ন সময়ত সত্ৰৰ মাটি বেদখল হোৱাৰ অভিযোগ উঠাৰ সময়ত বঙাইগাঁও জিলাৰ ৰঙাপানীৰ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা সত্ৰৰ ভূমি বেদল হোৱাৰ অভিযোগ উঠিছে।

আজি অসম সত্ৰ ভুমি সমস্যা, পৰ্য্যবেক্ষণ আৰু পৰীক্ষন আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত বিধায়ক ৰূপক শৰ্মা সহ প্ৰতিনিধিৰ দল এটাই শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা সত্ৰত উপস্থিত হৈ বেদখলকাৰীৰ লগত আলোচনাত মিলিত হয়।

বেদখলকাৰীক শীঘ্ৰে সত্ৰৰ ভূমি খালি কৰি দিবলৈ আয়োগে নিৰ্দেশ দিয়ে। প্ৰায় ৫ বিঘাৰো অধিক ভূমি বেদখল কৰে বুলি বিধায়ক ৰূপক শৰ্মাই মন্তব্য কৰে। আনকি বেদখলকাৰীয়ে মাটি কিনি লোৱা বুলি কোৱাত সেই বিষয়ে আইনে ব্যৱস্থা বুলি কয়। আয়োগৰ লগত চৰকাৰী বিষয়া-কৰ্মচাৰী সকলেও উপস্থিত থাকে।

Leave A Reply