Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘ বাক্সা জিলাৰ কাৰ্যনিৰ্বাহক সভা…

0 61

শ্ৰীমন্ত শংকৰদেৱ সংঘ বাক্সা জিলাৰ কাৰ্যনিৰ্বাহক সভা। আজি বাক্সা জিলাৰ অন্তৰ্গত আনন্দপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাক্সা জিলাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাক্সা জিলাৰ অন্তৰ্গত প্ৰাথমিক আনন্দপুৰ প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত বাক্সা জিলাৰ কাৰ্যনিৰ্বাহক সভাখনত জিলা শাখাৰ নৱনিৰ্বাচিত সম্পাদক হিতেশ বৈশ্যক সদ্য বিদায়ী সম্পাদক উদ্ধৱ বৈশ্যই অনাগত দুবছৰীয়া কাৰ্যকালৰ দ্বায়িত্ব দিয়াৰ লগতে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বাক্সা জিলাৰ উন্নয়ণ সম্পৰ্কে আলোকপাত কৰা পৰিলক্ষিত হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাক্সা জিলাৰ নৱনিৰ্বাচিত সভাপতি চৈতন্য মেধিয়ে সভাপতিত্ব কৰা কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকিল বাক্সা জিলাৰ শৰণ সদস্য ভূমিধৰ পাঠক , শ্ৰীমন্ত শঙ্কৰদেৱে সঙ্ঘৰ সাহিত্য শাখাৰ সদস্য গদাধৰ ৰাজবংশীৰ লগতে, জিলা শাখাৰ সেৱাবাহিনীৰ নায়ক সহ জিলা শাখাৰ কেবাগৰাকীও বিষয় ববীয়া আৰু বিভিন্ন প্ৰাথমিক শাখাৰ পৰা অহা জিলা সদস্য সকল৷

Leave A Reply