Breaking

আল্লিয়াত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ আদৰণি সমিতি গঠন

0 2,030

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ নলবাৰী জিলা শাখাৰ অন্তৰ্গত উত্তৰ পশ্চিম তামুলপুৰ আঞ্চলিক শাখাৰ ৩০ সংখ্যক অধিবেশনৰ আদৰণি সমিতিখন কালি  গঠন কৰা হয়। উত্তৰ পশ্চিম তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক শাখা,আল্লিয়াত আঞ্চলিক শাখাৰ সভাপতি হৰমোহন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত  যোগেশ কলিতাক  সভাপতি আৰু ছাত্ৰনেতা  অৰ্জুন দাসক সাধাৰণ সম্পাদক হিচাপে লৈ অধিৱেশনৰ আদৰণি সমিতিখন গঠন কৰা হয়।আঞ্চলিক শাখাৰ সম্পাদক পবিত্ৰ দাসে আঁত ধৰা সভাখনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মুলৰ প্ৰচাৰক মনিৰাম দাস,নলবাৰী  জিলা শাখাৰ উপ-সভাপতি অতুল কলিতা,জিলা সদস্য মুকুন্দ দাস আৰু আঞ্চলিক শাখাৰ বিষয়ববীয়া সকল  উপস্থিত থাকে।শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক শাখাত ২০২২ বৰ্ষৰ  ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে দুদিনীয়াকৈ আঞ্চলিক শাখাৰ অধিৱেশনখনি অনুষ্ঠিত হ’ৱ।মুলৰ প্ৰচাৰক মনিৰাম দাসে সভাত উপস্থিত থাকি গঠন হোৱা আদৰণি সমিতিখন শক্তিশালী সমিতি হোৱা বুলি কৈ সমিতিখনক অনুষ্ঠানটি সূচাৰূৰূপে পৰিচালনা কৰিবলৈ পৰামৰ্শ দিয়ে।!আজিৰ সভাত শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক শাখাৰ সভাপতি  বশিষ্ঠ দাস , সম্পাদক ৰজনী দাসৰ লগতে  শিক্ষক,সমাজকৰ্মী ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply