Breaking

আজিৰ পৰা খোল খালে বিদ্যালয়সমুহৰ তলা : জামুগুৰিহাটত কম সংখ্যক ছাত্ৰ-ছাত্ৰীৰে বিদ্যালয়ত পাঠদান আৰম্ভ

0 1,410

জামুগুৰিহাট : সূদীৰ্ঘ ছমাহৰ অন্তত আজি ৰাজ্যৰখনৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো খোল খালে বিদ্যালয়সমুহৰ তলা ৷ অভিভাৱকসকলৰ সন্মতি পত্ৰ লৈ অহা ছাত্ৰ-ছাত্ৰীসকলক পাঠদান আৰম্ভ কৰিছে শিক্ষক-শিক্ষয়ত্ৰীসকলে ৷ জামুগুৰিহাটৰ চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় হলি ছাইল্ড ইংলিছ স্কুলতো আজি সম্পূৰ্ণ চৰকাৰী নীতি-নিয়ম পালন কৰি বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিছে শিক্ষক শিক্ষয়ত্ৰীসকল ৷ বিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত বিদ্যালয়লৈ অহা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-অভিভাৱকসকলকো হাত চাবোন পানীৰে ধুবলৈ দিয়াৰ লগতে জ্বৰ, উশাহ-নিশাহ সঠিকভাৱে লোৱাত সুবিধাজনক আছে নে নাই আদি পৰীক্ষা কৰা মেচিনেৰে পৰীক্ষা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ আনহাতে বিদ্যালয়লৈ পঠোৱা অভিভাৱকৰ সন্মতি পত্ৰও পৰীক্ষা কৰিহে বিদ্যালয়ত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। অন্যহাতে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ বাবেও বিদ্যালয়খনৰ কেবাটাও কোঠা ব্যৱহাৰ কৰাৰ লগতে প্ৰতিটো কোঠাত ১৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান তথা পাঠগ্ৰহণৰ ব্যৱস্থা কৰিছে বুলিও জানিব দিছে অধ্যক্ষ কুমাৰ নেৱাৰে ৷ ইয়াৰোপৰি সামাজিক দূৰত্ব মানি চলিবৰ বাবেই প্ৰতিখন ডেস্ক – বেঞ্চত ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ লেখিয়াকৈ নামসহিতে চিট নম্বৰ আৰু বগা ৰঙৰ চিহ্ন ব্যৱহাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ চৰকাৰী প্ৰতিটো নীতি-নিৰ্দেশনা পালন কৰি আজিৰ পৰা মুকলি কৰা বিদ্যালয়ৰ পাঠদানৰ বাবে উপস্থিত হোৱা শিক্ষক শিক্ষয়ত্ৰীসকলো যথেষ্ট আনন্দিত হৈ পৰা দেখা পোৱা গৈছে ৷ ঠিক একেদৰে দীৰ্ঘ বিৰতিৰ অন্তত শিক্ষাগুৰুৰ লগত পোনপটীয়াকৈ পাঠগ্ৰহণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলো ৷ ইয়াৰোপৰি জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বিগত দিনসমুহত শিক্ষক-শিক্ষয়ত্ৰীসকলে বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আজিৰ দিনটোৰ বাবেই চেনিটাইজৰ তথা বিদ্যালয় চৌপাশ চাফ-চিকুণ কৰি ৰাখিছিল আৰু আজি চৰকাৰী সকলো নীতি-নিয়ম পালন কৰি বিদ্যালয়খনতো শিক্ষক-শিক্ষয়ত্ৰীসকলে ছাত্ৰ-ছাত্ৰীক পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছে ৷ তাৰ বিপৰীতে জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু মধ্য জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়তো পাঠদানৰ বাবে ৫০ শতাংশ শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত আছিল যদিও ছাত্ৰ-ছাত্ৰী উপস্থিতিহে শূন্য দেখা পোৱা গ’ল ৷ ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবেই হয়তো অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠাবলৈ শংকা কৰিছে বুলি অনুভৱ কৰাৰ লগতে চৰকাৰী সকলো নীতি-নিৰ্দেশনা পালন কৰি পাঠদানৰ বাবে সাজু হৈ থকা বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলেও অভিভাৱকৰ সন্মতি পত্ৰ দি বিদ্যালয়লৈ পঠোৱা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰে জামুগুৰি আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক পংকজ শইকীয়া আৰু মধ্য জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ বৰুৱাই ৷ মুঠতে দীৰ্ঘ বিৰতিৰ অন্তত জামুগুৰিহাটত আজি খোলা বিদ্যালয়সমুহত চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি কম সংখ্যক ছাত্ৰ-ছাত্ৰীৰে পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছে শিক্ষক-শিক্ষয়ত্ৰীসকলে ৷ পৃথিৱীৰ পৰা ক’ৰনাৰ সন্ত্ৰাস আতৰি পূৰ্ৱৰ সকলো ধাৰা উভতি অহাৰো আশা কৰিছে বিদ্যালয়সমুহৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও ৷

Leave A Reply