Breaking

তিনিচুকীয়াত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ঋণ মেলা

0 2,094

প্ৰতিজন সফল ব্যক্তিৰ আৰত থাকে বেংকৰ অৱদান৷ বেংক ফাইনেঞ্চৰ অবিহনে কোনো ব্যৱসায় বানিজ্য প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়৷ জনসাধাৰনক ঋণ সম্পৰ্কে সজাগতা আৰু কিদৰে বেংকৰ পৰা ঋণ লব পাৰি সেই বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ বাবে আজি তিনিচুকীয়াত ভাৰতীয় ষ্টেট বেংকৰ তিনিচুকীয়া শাখাই এখনি লোন মেলাৰ আয়োজন কৰে৷ উক্ত লোন মেলাত ষ্টেট বেংক তিনিচুকীয়া শাখাৰ মুখ্য পৰিচালক বিক্ৰম প্ৰসাদে ৰাইজক বিভিন্ন প্ৰকাৰৰ ঋণ আৰু এই ঋণসমূহৰ লাভালাভ আৰু কিদৰে আবেদন কৰিব পাৰি সেই বিষয়ে সম্যক ধাৰনা প্ৰদান কৰে৷ শাখাটোৰ ঋণ বিভাগৰ  আন এগৰাকী পৰিচালক শ্যাম উপাধ্যায় সহ বহু কেইগৰাকী বেংক বিষয়াৰ উপস্থিত কেইবাজনো গ্ৰাহকে আজি গাড়ী ঋণ, ব্যক্তিগত ঋণ আৰু ব্যৱসায়ীক ঋণৰ বাবে আবেদন কৰে৷

Leave A Reply